চাংসাৰিত কংকন নাথৰ নেতৃত্বত অৰ্ধশতাধিক লোকৰ জাতীয় পৰিষদত যোগদান

86

চাংসাৰিত কংকন নাথৰ নেতৃত্বত অৰ্ধশতাধিক লোকৰ জাতীয় পৰিষদত যোগদান

দুৰ্নীতিৰ দৰ্পণ , চিৰঞ্জীৱ কলিতা , প্ৰতিবেদক , চাংসাৰি , ৩ অক্টোৱৰঃ সমগ্ৰ ৰাজ্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাময় হৈ থকাৰ সময়তে নিজ সমষ্টিৰ চাংসাৰিত আজি অসম জাতীয় পৰিষদৰ এক বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয় । দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত চাংসাৰি নিবাসী যুৱক কংকণ নাথৰ নেতৃত্বত ৫০ জনীয়া এটি যুৱকৰ দলে আনুষ্ঠানিকভাবে যোগদান কৰে জাতীয় পৰিষদত । উল্লেখ্য যে , লুৰিণজ্যোতি গগৈয়ে ভাষণ প্ৰসংগত তুলাধুনা দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক । আওঁ‌পকীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীক আক্ৰমণাত্মক সুৰত লুৰিণজ্যোতিয়ে কয় যে , যিটো সময়ত জনতাক ভয়-ভাবুকিৰে আবদ্ধ কৰি ৰাখিছে , সেই সময়ত এইদৰে মুখ্যমন্ত্ৰীৰ নিজ সমষ্টিত ওলাই অহা প্ৰতিগৰাকী যুৱকৰ সাহসক চেল্যুট । উন্নয়নৰ ঢাক-ঢোল বজোৱা মুখ্যমন্ত্ৰীয়ে নিজ সমষ্টিকে উন্নয়নমুক্ত কৰিব পৰা নাই বুলি লুৰিণজ্যোতিয়ে উল্লেখ কৰে । কংকন নাথৰ নেতৃত্বত জালুকবাৰী সমষ্টিত অসম জাতীয় পৰিষদে নতুন গতি ল’ব বুলিও লুৰিণজ্যোতিয়ে প্ৰকাশ কৰে ।