চাপৰ আৰক্ষীৰ বৃহৎ সফলতা , পিষ্টল সহ দুজন লোকক আটক

103

চাপৰ আৰক্ষীৰ বৃহৎ সফলতা , পিষ্টল সহ দুজন লোকক আটক

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হবিবুৰ ৰহমান , ১১ ছেপ্তেম্বৰঃ ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে শুক্ৰবাৰে ধুবুৰী জিলাৰ চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি অভিযান চলাই দুটা পিষ্টল সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয় । ধুবুৰী আৰক্ষীয়ে জানিব দিয়া মতে , লোক দুজন AS-19E-4960 নম্বৰৰ এখন পালচাৰ বাইকেৰে বিলাসীপাৰা অভিমুখে আহি থকা অবস্থাত চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীৰ সহযোগত লোক দুজনক আটক কৰিবলৈ সক্ষম হয় । লোক দুজনৰ পৰা এটা 9MM পিষ্টল আৰু এটা 7.6MM পিষ্টল সহ সজীৱ গুলি জব্দ কৰিবলৈ সক্ষম হয় । আটকাধীন লোকদুজন ক্ৰমে-গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মজামিল হক আৰু আনজন বাছিৰুল হক বুলি জানিব পৰা গৈছে । আটকাধীন লোক দুয়োজনক ইতিমধ্যে চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীৰ জেৰাৰ অন্তত ইয়াৰ লগত জড়িত থকা আন বহু কেইগৰাকী লোক আৰক্ষীৰ জালত পৰা সম্ভাৱনা আছে ৷