চামগুৰিৰ গেৰুৱামুখত আৰক্ষীৰ এনকাউণ্টাৰ , নিহত কুখ্যাত ড্ৰাগছ পেডলাৰ , গুৰুতৰ ভাবে আহত খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ এজন অস্থায়ী গাড়ী চালক

455

চামগুৰিৰ গেৰুৱামুখত আৰক্ষীৰ এনকাউণ্টাৰ , নিহত কুখ্যাত ড্ৰাগছ পেডলাৰ , গুৰুতৰ ভাবে আহত খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সহ এজন অস্থায়ী গাড়ী চালক

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান ,নগাঁও , ৮ আগষ্ট : নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত কুটায়নী গেৰুৱামুখত যোৱা নিশা আৰক্ষীৰ গুলিত এজন গভাইত চোৰ তথা কুখ্যাত ড্ৰাগছ পেডলাৰ নিহত হোৱা ঘটনাই অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ জানিব পৰা মতে , খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলক দত্ত গুপ্তাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ অভিযানকাৰী দলে যোৱা নিশা প্ৰায় ১২-১০ মান বজাত গেৰুৱামুখত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷ ড্ৰাগছৰ বিৰুদ্ধে চলোৱা আৰক্ষীৰ অভিযানৰ সময়ত কুটায়নী গেৰুমুখৰ নিবাসী গভাইত চোৰ তথা কুখ্যাত ড্ৰাগছ পেডলাৰ খাইৰুল ইছলামৰ বাসগৃহতে খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অলক দত্ত গুপ্তাক খাইৰুলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰিবলৈ চেষ্টা কৰে ৷ সেই সময়তে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে গুলি চালনা কৰাত ঘটনাস্থলীতে কুখ্যাত ড্ৰাগছ পেডলাৰ খাইৰুল ইছলাম থিতাতে নিহত হয় ৷ আনহাতে , উক্ত ঘটনাৰ সময়তে খাটোৱাল আৰক্ষী থানাৰ অস্থায়ী গাড়ী চালক উৎপল বৰুৱা নামৰ যুৱক জনে আৰক্ষী বিষয়াজনক সুৰক্ষা দিবলৈ চেষ্টা কৰাত নিজে গুৰুতৰ বাবে আহত হ‘ব লগা হয় ৷ চোকা অস্ত্ৰৰ আক্ৰমণত হাত আৰু ডিঙিত গুৰুতৰ ভাবে আহত হোৱা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু ভৰিত আঘাত প্ৰাপ্ত গাড়ী চালক জনক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে , আৰক্ষীৰ গুলিত থিতাতে নিহত হোৱা খাইৰুল ইছলামৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখ্য যে , আইছক্ৰিমৰ ব্যৱসায়ী খাইৰুল ইছলামে দীৰ্ঘদিন ধৰি অঞ্চলটোত ছাগলী চোকৰে ধৰি বিভিন্ন ধৰণৰ চুৰি কাৰ্য্যৰে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ যাৰ বাবে ভুক্তভোগীসকলেয়ে অভিযুক্ত খাইৰুলৰ বিৰুদ্ধে ন্যায় বিচাৰি খোটোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল বুলি জানিব পৰা গৈছে ৷ আনহাতে , যোৱা নিশা আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা লোকজনৰ পৰিয়াল আৰু স্থানীয় লোকে খাটোৱাল আৰক্ষী থানাত উপস্থিত হৈ কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে বুলি আৰক্ষী থানাখনত পুৱাৰে পৰা চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু নগাঁও আৰক্ষী তথা অৰ্ধসামৰিক বাহিনী মোতায়ন কৰা পৰিলক্ষিত হয় ৷ আনহাতে,এনকাউন্টাৰত নিহত খাইৰুলৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা ইতিমধ্যে সম্পন্ন কৰা হৈছে যদিও পৰিয়ালৰ লোকে বাতৰি লিখা সময়লৈকে মৃতদেহ চমজি লোৱা নাই বুলি জানিব পৰা গৈছে । পৰিয়ালৰ লোকে দাবী কৰিছে যে , খাইৰুলে আৰক্ষীক কোনো আক্ৰমণৰ চেষ্টা কৰা নাছিল । এই দাবীৰে তেওঁলোকে মৃতদেহ চমজি লব বিচৰা নাই আৰু এই দাবীত একাংশ লোকে আনকি নগাঁও আৰক্ষী অধীক্ষকৰ চৰকাৰী আবাসগৃহত সন্মুখত প্ৰতিবাদৰ চেষ্টা চলাই যদিও সফল পৰা নাই । প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে খেদি পঠিয়াই বুলি জানিব পৰা গৈছে ।