চিলাপথাৰত বন বিভাগৰ অভিযানত অবৈধ কাঠৰ কুণ্ডা জব্দ

89

চিলাপথাৰত বন বিভাগৰ অভিযানত অবৈধ কাঠৰ কুণ্ডা জব্দ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰ, ২০ চেপ্তেম্বৰঃ চিলাপথাৰৰ নৈ পৰীয়া মুক্তিয়াৰ গাঁও পঞ্চায়তৰ পাণবাৰীত চলাই অহা অবৈধ কাঠ মাফিয়াৰ বিৰুদ্ধে আজি অভিযান চলাই বনবিভাগে । বন বিভাগৰ চিলাপথাৰ উপ খণ্ডৰ পৰা যোৱা এটা বনকৰ্মীৰ দলে আজি অতৰ্কিতে অভিযান চলাই কেইবাটাও মূল্যবান কাঠৰ কুণ্ডাৰ লগতে জব্দ কৰে কিছু কাঠ ফলা সা-সৰঞ্জাম । দলটোৰ অভিযানৰ কথা জানিব পাৰি ঘটনাস্থলীৰ পৰা আগতিয়াকৈ পলায়ন কৰে বন মাফিয়া । ব্ৰহ্মপুত্ৰৰ দিচমুৰ সোনাৰী মথাউৰিৰ সমীপতে বন বিভাগৰ জ্ঞাতসাৰে দীৰ্ঘ দিনৰ পৰাই এটা বন মাফিয়া চক্ৰই অবৈধ কাঠৰ ডিপো জৰিয়তে কাৰবাৰ চলাই আহিছিল । বৰ্ষাৰণ্য পবাৰ লগতে ডিব্ৰু ছৈখোৱাৰ পৰা বহু মূল্যবান গছ গছনি কাটি খাস্তাং কৰি ব্ৰহ্মপুত্ৰৰ বুকুৰে আনি এই পাণবাৰীতে ফলাই ধেমাজি জিলাৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰি আহিছিল মাফিয়াৰ দলেটোৱে । ইমানেই নহয়,চিলাপথাৰ অঞ্চলত এতিয়াও চলি আছে বহু অবৈধ কাঠ ফলা মিল । এনেবোৰ মিলৰ সিংহভাগৰেই কোনো গ্ৰহণযোগ্য নথি পত্ৰ নাই বুলি অনেকেই অভিযোগ উত্থাপন কৰি আহিছে । সেইদৰে চিলাপথাৰ নগৰৰ বিভিন্ন স্থানত চলি আছে টিম্বাৰ ডিপো । প্ৰয়োজনীয় নথি পত্ৰৰ অবিহনে কেবল বন বিভাগৰ লোকক তৈলমৰ্দন কৰি এনে বেপাৰ অব্যাহত ৰাখিছে বুলি ৰাইজৰ অভিযোগ আছে ।