চিলাপথাৰৰ লিকাবালি ২২ নং অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় , চিলাপথাৰৰ বিজেপি দলীয় কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

172

চিলাপথাৰৰ লিকাবালি ২২ নং অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয় , চিলাপথাৰৰ বিজেপি দলীয় কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰঃ ১৫ আগষ্টঃ আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস । সমগ্ৰ দেশৰ লগতে চিলাপথাৰৰ লিকাবালিৰ অসম অৰুণাচল সীমান্তত অৱস্থিত ২২ নং অসম আৰক্ষী (ভাৰতীয় সংৰক্ষিত)বেটেলিয়নৰ মুখ্য কাৰ্যালয়তো ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বেটেলিয়নটোৰ অধিনায়ক মুছলেহউদ্দিন আহমেদে । ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছতে আৰক্ষী জোৱান সকলৰ মাৰ্চ পাছৰ অভিবাদন গ্ৰহণ কৰে । পতাকা উত্তোলন কৰি দিয়া ভাষণত অধিনায়কজনে ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতা তথা শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । লগতে দেশৰ শান্তি আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত আৰক্ষী জোৱান সকলৰ অৱদানৰ কথা স্মৰণ কৰি সকলোকে ৰাষ্ট্ৰীয় স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায় । আজিৰ অনুষ্ঠানত বিশেষভাৱে পাৰদৰ্শিতা প্ৰদৰ্শন কৰা সত্তৰ গৰাকীতকৈও অধিক জোৱানক একোখনকৈ মানপত্ৰ প্ৰদান কৰে । ইয়াৰ পিছতে গ্ৰহণ কৰা বৃক্ষৰোপন কাৰ্যসূচীত বাহিনীটোৰ চৌহদত স্থাপন কৰা নামঘৰৰ চৌদিশে নাৰিকল আৰু তামোলৰ পুলি ৰোপণ কৰে । ঠিক একেদৰে চিলাপথাৰৰ বিজেপি দলৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে। পতাকা উত্তোলন কৰি দিয়া ভাষণত বিধায়কজনে কয় যে , দেশৰ প্ৰতিজন নাগৰিকে সন্মান সহকাৰে জীয়াই থাকিবলৈ নূন্যতম সুবিধাখিনি পাব লাগিব । তেতিয়াহে দেশে প্ৰকৃত স্বাধীনতাৰ সোৱাদ উপভোগ কৰিবলৈ সক্ষম হব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ যি সপোন সেই সপোন সাৰ্থক কৰিবলৈ সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ তেওঁ আহ্বান জনায় ।