চিলাপথাৰ ৰেলৱে ষ্টেচনত জব্দ অষ্ট্ৰেলিয়ান প্ৰজাতিৰ গাহৰি

71

চিলাপথাৰ ৰেলৱে ষ্টেচনত জব্দ অষ্ট্ৰেলিয়ান প্ৰজাতিৰ গাহৰি

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰ , ২১ ছেপ্তেম্বৰঃ ধেমাজিত অষ্ট্ৰেলিয়ান প্ৰজাতিৰ গাহৰি জিলা প্ৰশাসনে প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছতো আজি চিলাপথাৰ ৰেলৱে ষ্টেচনত উদ্ধাৰ কৰা হয় বহু পৰিমাণৰ অষ্ট্ৰেলিয়ান প্ৰজাতিৰ গাহৰিৰ পোৱালী । সোমবাৰে সন্ধিয়া ৬ বজাত ৰঙিয়াৰ পৰা মূৰ্কংচেলেক অভিমুখে আহি থকা ৰেলেৰে ওদালগুৰি পৰা চিলাপথাৰৰ চিমেন চাপৰি গাহৰি পোৱালীবোৰ এগৰাকী মহিলাই বস্তাত ভৰাই আনিছিল গাহৰি পোৱালীবোৰ । কিন্তু ধেমাজি জিলা গাহৰি পালক সন্থাৰ গোপন খৱৰৰ ভিত্তিত চিলাপথাৰ ৰেলৱে ষ্টেচনত গাহৰি বোৰ ৰেলৱে পুলিচে জব্দ কৰিবলৈ সক্ষম হয় । গাহৰি সৰবৰাহৰ কোনো অনুমতি নথকাকৈয়ে পশু কেইটা ৰেলেৰে চিলাপথাৰলৈ কঢ়িয়াই আনিছিল মহিলাগৰাকীয়ে । যিটো সময়ত আফ্ৰিকান চুৱাইন ফ্লুৰ সংক্ৰমণৰ আশংকাত ৰাজ্যচৰকাৰে বহিঃৰাজ্যৰ পৰা গাহৰিৰ সৰবৰাহৰ নিষেধ কৰিছে। তেনে সময়তে একাংশ ঘোচখোৰ ৰেলৱে আৰক্ষীক মেনেজ কৰি অবৈধ সৰবৰাহ অব্যাহত ৰখা বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চিলাপথাৰত । কোনোধৰণৰ কাগজ পত্ৰ অথবা পশু চিকিৎসা বিভাগৰ নথি নথকাকৈয়ে এইদৰে গাহৰি লৈ অনা বিষয়টোৱে সকলোকে চিন্তিত কৰি তুলিছে । এইদৰে চৰকাৰী নীতি নিৰ্দেশনা নামানি অনুজ্ঞাপত্ৰ অবিহনে গাহৰি কঢ়িয়াই অনা কাৰ্যৰ বিৰুদ্ধে ধেমাজি জিলা গাহৰি পালক সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আৰক্ষীক বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।