চোৰাং কাঠৰ বিৰুদ্ধে ডিগবৈত বন বিভাগ কেন্দ্ৰীয় আৰক্ষী আৰু ডিগবৈ আৰক্ষীৰ যুটীয়া অভিযান , অভিযানত বৃহৎ পৰিমাণৰ কাঠৰ লগতে এজনক আটক

148

চোৰাং কাঠৰ বিৰুদ্ধে ডিগবৈত বন বিভাগ কেন্দ্ৰীয় আৰক্ষী আৰু ডিগবৈ আৰক্ষীৰ যুটীয়া অভিযান , অভিযানত বৃহৎ পৰিমাণৰ কাঠৰ লগতে এজনক আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , দ্বীপেন শইকীয়া , ডিগবৈ , ৬ চেপ্তেম্বৰঃ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তভাগত এচাম বনদৈস্যুয়ে অবাধ হাৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু মূল্যৱান গছ কাটি ৰমৰমীয়া ব্যৱসায় চলাই অহা অভিযোগ বহু দিনৰ ৷ বিভিন্ন সময়ত জাতীয়-জনগোষ্ঠীয় দল সংগঠন তথা প্ৰকৃতিপ্ৰেমী সংগঠনে অবাধ হাৰত চলি থকা ৰমৰমীয়া ব্যৱসায়ৰ লগত জড়িত অসাধু চক্ৰক নাকী লগাবলৈ দাবী জনায় আহিছে ৷ তাৰে পৰিপেক্ষিতত ডিগবৈ বন বিভাগে কিছু পৰিমাণে তত্তপৰতাৰে দেখুওৱা পৰিলক্ষিত হৈছে ৷ যোৱা কেইদিনমানৰ পূৰ্বে ডিগবৈ বন বিভাগে চাৰিটা কাঠ চোৰৰ লগতে এখন চোৰাং কাঠ কঢ়িয়াই নিয়া বাহন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে আজি পুনৰ ডিগবৈ বন বিভাগে গোপন সূত্ৰৰ তথ্য ভিত্তিত বালিজান খ্ৰীষ্টান বস্তিত অভিযান চলায় ৷ ডিগবৈ বন বিভাগ,ডিগবৈ আৰক্ষী আৰু ডিগবৈ কেন্দ্ৰীয় আৰক্ষীৰ যুটীয়া অভিযানত অজিত গগৈ , মনোজ গগৈ আৰু আলবিনুচ গড়াইক নামৰ তিনিজন ব্যক্তিৰ ঘৰত হাত কৰটেৰে ফালি মজবুত কৰি ৰখা বৃহৎ পৰিমাণৰ বিভিন্ন মাপৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ অভিযান কালত অজিত গগৈ আৰু মনোজ গগৈয়ে পলায়ন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে আলবিনুচ গড়াইক (৪০) নামৰ ব্যক্তিজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ আলবিনুচ গড়াইকৰ বাসগৃহত মজবুত কৰি ৰখা অবৈধ কাঠসমুহৰ বিষয়ে লগতে উক্ত অঞ্চলত চোৰাং কাঠৰ লগত কোন কোন জড়িত আছে , সোধাপোচা অব্যাহত ৰাখিছে ৷ কিন্ত পৰিতাপৰ বিষয় যে , ৰাজ্য চৰকাৰৰ বিয়াগোম বন বিভাগৰ কৰ্মত গাফিলতি তথা গোপন মিতিৰালিৰ ফলস্বৰূপে এচাম বনদৈস্যুয়ে অবাধ হাৰত বন ধ্বংসযজ্ঞৰ লগতে বনৰীয়া জীৱকোলক চিকাৰ কৰি যাবলৈ সক্ষম হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত বিশেষকৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বৰজান , বালিজান , খ্ৰীষ্টান বস্তি , চৰাইপুং , নগাজান , লক্ষীপথাৰ ,ভীমপথাৰ ইত্যাদি অঞ্চলত এক বৃহৎ চক্ৰই বিভিন্ন ঠাইৰ পৰা চেইন শ্ব কৰটেৰে কাঠ ফালিবলৈ আন আন ঠাইৰ পৰা মানুহ আনি ব্যৱসায় অব্যাহত ৰাখিছে ৷ এই চোৰাং ৰমৰমীয়া ব্যৱসায় ৰোধৰ সন্দৰ্ভত ডিগবৈ বন বিভাগে কি দৰে ব্যৱস্থা গ্ৰহণ কৰে , সেইযা পৰৱৰ্তী সময়ত লক্ষণীয় হব ৷