চৰকাৰী সাহায্য অবিহনে আঢ়ৈ শ বিঘা মাটিত মাছ পুহি স্বাৱলম্বী হোৱাৰ ওপৰিও পোন্ধৰজন মানুহক সংস্থাপন

108

চৰকাৰী সাহায্য অবিহনে আঢ়ৈ শ বিঘা মাটিত মাছ পুহি স্বাৱলম্বী হোৱাৰ ওপৰিও পোন্ধৰজন মানুহক সংস্থাপন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২২ আগষ্টঃ যি সময়ত চৰকাৰী চাকৰিৰ পিছত দৌৰি বহুতো যুৱকে জীৱনৰ মূল্যবান সময় নষ্ট কৰিছে , তেনে সময়ত হোজাই জিলাৰ মোৰাজাৰ থানাৰ অন্তৰ্গত হাতীখালী গাঁৱৰ এজন যুৱকে কোনোধৰণৰ চৰকাৰী সাহায্য অবিহনে প্ৰায় আঢ়ৈশ বিঘা মাটিত মাছ পালন কৰি এক উদাহৰণ দাঙি ধৰিছে । লগতে পোন্ধৰ জন মানুহক স্থায়ী সংস্থাপন দিয়াৰ উপৰিও অস্থায়ীভাৱে পচিছজনমান মানুহে  কাম কৰে । পৰোক্ষভাৱে কমেও পঞ্চাশটা পৰিয়াল এই চলিছে এই ফিচাৰিৰ ওপৰত নিৰ্ভৰ কৰি । কিন্তু আজিলৈকে এক পইচাৰো চৰকাৰী সাহায্য নেপালে যুৱকজনে । আনকি লোণ এটাও নেপালে । গাৱলীয়া মহাজনৰ পৰা অধিক লাভ দি প্ৰয়োজনীয় মুলধনলৈ ব্যৱসায় চলাই আছে যুৱকজনে । চৰকাৰে মিন পালনৰ কাৰণে যথেষ্ট আঁচনি ৰূপায়ণ কৰিছে যদিও এইজন যুৱকক কোনো এটা আঁচনিয়ে ঢুকি নেপালে । মিন বিষয়াক কেইবাবাৰো যোগাযোগ কৰাৰ পিছতো কোনো সঁহাৰি নেপালে যুৱকজনে । সংবাদ মাধ্যমৰ যোগেদি চৰকাৰী সাহায্য তথা ঋণ বিচাৰিছে যুৱকজনে ।