চৰাইদেউত অব্যাহত আবকাৰী অভিযান , বহু কেইটা গোচৰ ৰুজু

273

দুৰ্নীতিৰ দৰ্পণ সেৱা , নৱজ্যোতি টিপমীয়া , চৰাইদেউ , ৫ আগষ্টঃ চৰাইদেউ জিলাৰ বিভিন্ন গাওঁ অঞ্চলকে ধৰি বাগানৰ লাইন আৰু ভিতৰুৱা অঞ্চল বোৰত দিনক দিনে বাঢ়ি অহা অবৈধ সুৰাৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ আবকাৰী বিভাগে ব্যাপক অভিযান অব্যাহত ৰাখিছে । আজি জিলাখনৰ খৰিয়াভেটা , পঞ্চিম নলবৰীয়া , ৰাইদাং আদি অঞ্চলৰ কেইবাটাও স্থানত চলোৱা অভিযানত অভিযানকাৰী দলটোৱে অবৈধ সুৰা প্ৰস্তুত কৰা কেইবাটাও ভাটী উচ্ছেদ কৰে । বৰহাট আৰক্ষীৰ সহযোগত পুৱাৰ ভাগত চলোৱা এই অভিযানত দলটোৱে অবৈধ চুলাই মদ প্ৰস্তুত কৰাৰ বাবে ৰখা প্ৰায় ৪৩০ লিটাৰ গেলা পাছ , সুৰা তৈয়াৰৰ বাবে ব্যৱহৃত ৫ টা যন্ত্ৰ আৰু প্ৰায় ১৫ লিটাৰ বিক্ৰীৰ বাবে সাজু কৰি ৰখা চুলাই  জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায় । এই সন্দৰ্ভত আবকাৰী বিভাগে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে সাত টাকৈ গোচৰ ৰুজু কৰিছে । উল্লেখযোগ্য যে , বিগত কেইদিন মানৰ পৰা জিলাখনত অবকাৰী বিভাগে চলোৱা এই অভিযানত বৰ হাত , বৰাহী , কাকতি বাৰী , টিমন কে ধৰি জিলাখনৰ বিভিন্ন গাওঁত বহু অবৈধ সুৰা নষ্ট কৰাৰ লগতে বহু সংখ্যক সুৰা প্ৰস্তুত কৰা যন্ত্ৰও নষ্ট কৰিছে । লগতে বহু কেইটা গোচৰো ৰুজু কৰিছে অবকাৰী বিভাগে । অৱকাৰীৰ এনে পদক্ষেপক আদৰণি জনাইছে সচেতন মহলে ।