চৰাইদেউত সংঘটিত নাৰকীয় ঘটনা , চাৰি বছৰীয়া কন্যা শিশুক নৰবললি দিয়াৰ সন্দেহ

89

চৰাইদেউত সংঘটিত নাৰকীয় ঘটনা , চাৰি বছৰীয়া কন্যা শিশুক নৰবললি দিয়াৰ সন্দেহ

দুৰ্নীতিৰ দৰ্পণ সেৱা , নৱজ্যোতি টিপমীয়া , চৰাইদেউ , ১১ আগষ্টঃ চৰাইদেউ জিলাৰ চাফ্ৰাই চিংলৌ লাইনৰ শিশুৰ মৃতদেহ উদ্ধাৰ ঘটনাৰ নতুন মুৰ । ডিঙি চেপি হত্যাৰ সন্দেহ চাৰিবছৰীয়া শিশুটিক । সোণাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান । অধিক তথ্যৰ বাবে আৰক্ষীয়ে আটক কৰি ৰাখিছে আন্তা মুণ্ডা , বগাধৰ মুণ্ডা আৰু ৰাজু মুণ্ডা নামৰ তিনিজন ব্যক্তিক । দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল সোণাৰিৰ চফ্ৰাই চিংলো লাইনৰ এটি চাৰি বছৰীয়া কন্যা শিশু । বিচাৰ-খোচাৰ কৰাৰ অন্তত মঙ্গলবাৰে চিংলো নদীত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটোৰ কাষত পূজাৰ সামগ্ৰী উদ্ধাৰ হোৱালৈ চায় শিশুটিক বলি দিয়া বুলি সন্দেহ কৰা হৈছে । কালি সাধনাৰ বাবে শিশুটিক বলি দিয়াৰ সন্দেহ স্থানীয় লোকৰ । জিভা আৰু কান কাটি পেলোৱা হৈছিল শিশুটিৰ । ঘটনা সন্দৰ্ভত প্ৰথম অৱস্থাত ন জন লোকক আটক কৰা হৈছিল যদিও আটকাধীন লোক কেইজনক সুধপোছ কৰাৰ অন্তত স্বাস্থ্য পৰীক্ষা কৰি তিনিজনক সোণাৰি আৰক্ষীৰ জিম্মাত ৰাখি বাকীসকলক মুকলি কৰি দিয়ে । সমগ্ৰ ঘটনাটোৰ মাষ্টাৰ মাইণ্ড শিশুটিৰ পিতৃ আণ্টা মুণ্ডা বুলি জানিব পৰা গৈছে । চিংলো নদীত পূজা অনুষ্ঠিত কৰি হত্যা কৰিলে শিশুটিক । আৰক্ষীৰ তদন্তৰ পাছতহে জানিব পৰা যাব আচলতে এইয়া অন্ধ বিশ্বাসৰ বলিহল নে অন্য কিবা হৈ শিশুটিৰ মৃত্যু ঘটিল । প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্তৰ পাছত হে ওলাই পৰিব ।