ছহিদ লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি ৰাজপথত নামিল এবিএমছু , লাফিকুল হত্যাৰ ন্যায় বিচাৰি তামুলপুৰৰ ৰাজপথত এবিএমছুৰ উত্তাল প্ৰতিবাদ

705

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক , তামুলপুৰ , ১ আগষ্টঃ সদৌ বিটিচি সংখ্যা লঘু ছাত্ৰ সন্থা চমূকৈ এবি এমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদক ২০১৭ চনৰ ১ আগষ্ট তাৰিখে কোকৰাঝাৰ চহৰৰ মাজ মজিয়াত থকা তিতাগুৰিত দিন দুপৰতে ১২ জাই গুলিৰে থকা সৰকা কৰিছিল অচিনাক্ত দুৰ্বৃত্বই । কিন্তু এবিএমছুৰ প্ৰয়াত সভাপতি গৰাকীৰ হত্যাৰ আজি চাৰি বছৰ উকলি যোৱাৰ পিছতো এই হত্যাৰ ন্যায় নাপালে এবিএমছুৰ লগতে লাখ লাখ শুভাকাংশীয়ে । সেয়ে প্ৰয়াত সভাপতি গৰাকীৰ ন্যায় বিচাৰি পুনৰ ৰাজপথত নামিল এবিএমছু । আজি লাফিকুল ইছলাম আহমেদৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ দিনটোতে এবিএমছুৰ নেতৃত্বত বিটিচি অঞ্চলৰ গাৱে ভূঞে লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি এবিএমছুৱে মানৱ শৃঙ্খল কাৰ্যসূচী ৰূপায়ণ কৰে । আজি এবিএমছুৰ তামুলপুৰ জিলাৰ অন্তৰ্গত তামুলপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তামুলপুৰ আঞ্চলিক সমিতিৰ সভাপতি আব্দুল ৰহমানৰ নেতৃত্বত তামুলপুৰ-আনন্দ বজাৰ পথত শতাধিক এবিএমছুৰ সদস্যই হাতে হাতে এবিএমছুৰ পতাকা আৰু চৰকাৰ বিৰোধী শ্লোগান লিখা প্লে’ কাৰ্ড লৈ লাফিকুল ইছলাম হত্যাৰ বিচাৰ কৰক , প্ৰমোদ বড়ো  মুর্দাবাদ , হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ , চি বি আইৰ তদন্ত ৰাজহুৱা কৰক , লাফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক , বিজেপি চৰকাৰ গ’ বেক , এবিএমছু জিন্দাবাদ , লাফিকুল ইছলাম অমৰ হওক আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে ।  তামুলপুৰ জিলা এবিএমছুৰ অন্তৰ্গত কুমাৰীকাটা আঞ্চলিক এবিএমছুৱে তামুলপুৰ জিলা এবিএমছুৰ সাধাৰণ সম্পাদক বুবুল আলীৰ নেতৃত্বত ৰঙিয়া ভূটান পথত তীব্র প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে , তামুলপুৰ জিলা এবিএমছুৰ অন্তৰ্গত দ্বাৰকুছিত দ্বাৰকুছি আঞ্চলিক এবিএমছুৰ উদ্যোগত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত এবিএমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইছন হোছেইন আৰু তামুলপুৰ জিলা এবি এমছুৰ সভাপতি বদৰুদ্দিন খানৰ নেতৃত্বত প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে দ্বাৰকুছিত চৰকাৰ বিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । মানৱ শৃঙ্খল কাৰ্যসূচীৰ অন্তত এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক টাইছন হুছেইনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এবিএমছুৱে প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় নোপোৱালৈকে ধাৰাবাহিক ভাৱে বিটিচিত তীব্র গণ আন্দোলন গঢ়ি তুলিব । তেওঁ প্ৰকাশ কৰা মতে আজি বিটিচিৰ প্ৰতিখন সংখ্যালঘু গাঁওতে লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি  আৰু হত্যাকাৰীক আটক কৰি উচিত শাস্তি দিয়াৰ দাবীত এবিএমছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এবিএমছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে অনাগত দিনত এবিএমছুৰ প্ৰতিবাদৰ ভাষা ৰাজ্য চৰকাৰ বা বিটিচি চৰকাৰে বুুুজিবলৈ চেষ্টা নকৰিলে ইয়াতকৈয়ো ভয়াবহ গণ আন্দোলন এবিএমছুৱে গঢ়ি তুলিব বুলিও তীব্র হুংকাৰ প্ৰদান কৰে ।