ছিপাঝাৰ কাণ্ডৰ লোমহৰ্ষক দৃশ্য, মৃত প্ৰতিবাদকাৰীক গচকি বন্য উল্লাস যুৱকৰ, দেশজুৰি সমালোচনা

113

ছিপাঝাৰ কাণ্ডৰ লোমহৰ্ষক দৃশ্য, মৃত প্ৰতিবাদকাৰীক গচকি বন্য উল্লাস যুৱকৰ, দেশজুৰি সমালোচনা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৩ ছেপ্টেম্বৰঃ ছিপাঝাৰৰ ঢলপুৰত অসম চৰকাৰে চলোৱা উচ্ছেদ অভিযানত উচ্ছেদিত লোকৰ প্ৰতিবাদ , আক্ৰমণ আৰু আৰক্ষীৰ গুলীচালনাৰ মাজতে আহিছে আন এক লোমহৰ্ষক দৃশ্য । এই দৃশ্য চছিয়েল ব্যাপক প্ৰচাৰ হোৱাৰ পিছতে এতিয়া ৰাষ্ট্ৰজুৰি প্ৰশ্ন উত্থাপন কৰিছে অসমত মানৱতা লুণ্ঠিত হৈছে নেকি ? আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সোমাই থকা এগৰাকী হাতত কেমেৰা লৈ থকা যুৱকক লৈ সৃষ্টি হৈছে এই চাঞ্চল্য । এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইনে টুইটাৰযোগে ছিপাঝাৰৰ ঘটনাক লৈ পোষ্ট কৰা এটা ভিডিঅ’ত দেখা গৈছে আৰক্ষীয়ে গুলীচালনা কৰাৰ পিছতে এগৰাকী লোকে হাতত লাঠী লৈ আৰক্ষীক আক্ৰমণ কৰাৰ বাবে খেদি আহে । এই লোকগৰাকীক আৰক্ষীয়ে বাধা প্ৰদানৰ লগতে লাঠীচালনা কৰে । ইমানলৈ প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ মাজৰ এটা কাৰ্য আছিল যদিও মাটিত ঢলি পৰি থকা আঘাতপ্ৰাপ্ত লোকগৰাকীক কেমেৰা লৈ থকা যুৱকজনে অমানৱীয়ভাৱে প্ৰহাৰ কৰে । মাটিত পৰি থকা লোকগৰাকীক ভৰিৰে গচকি–গুৰিয়াই–ঘুচিয়াই প্ৰহাৰ কৰে যুৱক গৰাকীয়ে ।