জাগুনৰ কথাচেমাত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু

98

জাগুনৰ কথাচেমাত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , বৰডুমচা , ১০ আগষ্টঃ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত ডুমডুমা বন সংমণ্ডলৰ খাটাং পানী আঞ্চলিক বনাঞ্চলৰ অধিনত ,জাগুনৰ কথাচেমাত এক কৰুণ ঘটনা সংঘটিত হৈছে । বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।প্ৰাপ্ত খৱৰ অনুসৰি কথা কাষৰণি বনাঞ্চলৰ পৰা সোমবাৰে নিশা চাৰিটা হাতী খাদ্য বস্তুৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল আৰু এনেদৰে ওলাই আহোঁতেই এটা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি কোনো লোকে কু কাণ্ড কৰি বিদ্যুৎ সংযোগ কৰি ৰখাৰ ফলত এয়া সম্পূৰ্ণ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুবৰণ কৰিছে বুলি ধাৰণা কৰিব পাৰি। বৰ্তমান ডুমডুমা বন সংমণ্ডলৰ দ’ল এটা উপস্থিত হৈ মৃত্যু বৰণ কৰা হাতীটো পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে ।