জামুগুৰিহাটত জুবিন গাৰ্গ , গড়ৰ খৰ্গ পুৰি পেলাবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তক আপত্তি জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ

107

জামুগুৰিহাটত জুবিন গাৰ্গ , গড়ৰ খৰ্গ পুৰি পেলাবলৈ লোৱা চৰকাৰৰ সিদ্ধান্তক আপত্তি জনপ্ৰিয় কন্ঠশিল্পী গৰাকীৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৬ চেপ্টেম্বৰঃ অসমৰ বিভিন্ন কোষাগাৰত থকা গড়ৰ খৰ্গ সমুহ অসম চৰকাৰে শেহতীয়াকৈ পুৰি পেলাবলৈ লোৱা সিদ্ধান্তক আপত্তি দৰ্শাইছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গে । আজি জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ পাৰত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ়লৈ উঠা ‘কন্যকা ‘কৃষি ফাৰ্ম পৰিদৰ্শন কৰিবলৈ আহি জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে এইদৰে কয় । অসমত থাকি তালিবানক সমৰ্থন কৰা সকলক তেনেধৰণৰ মনোভাবৰ পৰা আতৰি থাকিবলৈও আহ্বান জনায় যুৱ প্ৰজন্মৰ হাৰ্থ গৰাকীয়ে । দিনৰ ৩ বজাত ‘কন্যকা’ত উপস্থিত হৈ বিধায়ক পদ্ম হাজৰিকাৰ লগত সমগ্ৰ কৃষি ফাৰ্মখন পৰিদৰ্শন কৰি ‘কন্যকা’ৰ নদনবদন ৰূপ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰাৰ লগতে অসমৰ যুৱ প্ৰজন্ম কৃষিৰ প্ৰতি আকৰ্ষিত হ’ব লাগিব বুলি উল্লেখ কৰি অসমৰ প্ৰতিজন কৃষকেই মাৰ্চিডিছ ল’ব লাগিব বুলিও ব্যক্ত কৰে । ভবিষ্যতে পুনৰ ‘কন্যকা’ লৈ আহি ‘কন্যকা’ত নৈশ যাপন কৰিব বুলিও উল্লেখ কৰা জনপ্ৰিয় কন্ঠশিল্পী গৰাকীক চতিয়াৰ বিধায়কে উষ্ম আদৰণি জনোৱাৰ লগতে ‘কন্যকা’ উৎপাদিত সামগ্ৰীৰ এটি টোপোলাৰো উপহাৰ দিয়ে । মনকৰিবলগীয়া যে , আজিৰ পৰা চাৰি বছৰৰ পূৰ্বে ‘কন্যকাৰ চালুকীয়া অৱস্থাতে বিশাল সৰিয়হ খেতিৰ মাজত ‘প্ৰিয়া অ প্ৰিয়া’ৰ শ্বুটিং ৰ বাবে প্ৰথমবাৰৰ বাবে ‘কন্যকা ‘লৈ আহিছিল জুবিন গাৰ্গ । লগতে শৃংখল চলিহাকো বিশৃংখল আখ্যা দি তাক মই বুজাম বুলি সাংবাদিকৰ আগত মন্তৱ্য কৰে জনপ্ৰিয় কন্ঠ শিল্পী গৰাকীয়ে ।