জামুগুৰিহাটৰ চকীঘাটত সন্দেহজনক নাগৰিকৰ উচ্ছেদিত ভূমিত অসমীয়াৰ বাপোটি সাহোন কাতি বিহু উদযাপন চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই

75

জামুগুৰিহাটৰ চকীঘাটত সন্দেহজনক নাগৰিকৰ উচ্ছেদিত ভূমিত অসমীয়াৰ বাপোটি সাহোন কাতি বিহু উদযাপন চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই

দুৰ্নীতিৰ দৰ্পণ সেৱা,জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৮ অক্টোবৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চকীঘাটত সন্দেহজনক নাগৰিকৰ উচ্ছেদিত ভূমিত এইবাৰ অসমীয়াৰ বাপোটি সাহোন কাতি বিহু উদযাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ চকীঘাটৰ কৃষি ভূমিত সমষ্টিটোৰ ৫২ টা কৃষিগোটৰ সহযোগত এই কাতি বিহু উদযাপন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ চকীঘাটৰ কৃষি গোটৰ অস্থায়ী কাৰ্য্যালয়ত তুলসীৰ তলত বন্তি জ্বলাই কাতি বিহু উদযাপন কৰাৰ লগতে বিধায়ক গৰাকীয়ে কৃষি গোটৰ ধানখেতিত বন্তি প্ৰজ্বলন কৰি অসমীয়া চহা খেতিয়কৰ সপোন বাস্তবায়িত হোৱাৰ কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ৷ এটা সময়ত চকীঘাট আমাৰ কাৰণে অভিসাপ আছিল আৰু আজি আৰ্শীৱাদ হৈ পৰিছে বুলিও মন্তৱ্য কৰে বিধায়ক পদ্মই ৷ উল্লেখ্য যে , এসময়ত সন্দেহজনক নাগৰিকৰে পৰিপূৰ্ণ চকীঘাটৰ পৰা বিধায়ক পদ্ম হাজৰিকাই ৫২৮ টা পৰিয়াল উচ্ছেদ কৰাৰ অন্তত সেই কৃষি ভূমি খিলঞ্জীয়াক কৃষি কৰ্মৰ বাৱে আবণ্টন দিছিল ৷ কিছুদিনৰ আগলৈকে সন্দেহজনক নাগৰিকৰ চৰণীয়া পথাৰ হিচাপে পৰিচিত চকীঘাটত পোন প্ৰথম বাৰৰ বাৱে বাপোটী সাহোন কাতি বিহু উদযাপনক লৈয়ো সমষ্টিবাসী ৰাইজে আনন্দ প্ৰকাশ কৰিছে ৷