জামুগুৰিহাটৰ বৰদিকৰাইত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

117

জামুগুৰিহাটৰ বৰদিকৰাইত বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন,২০ ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ এক নং বৰদিকৰাইত সোমবাৰে পুৱা এটা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ হয় ৷ কাছটো উদ্ধাৰ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰে দিয়ে দিপলোঙা বনাঞ্চলিকৰ বন বিভাগৰ দলে । সোমবাৰে পুৱা এক নং বৰদিকৰাই নিবাসী সন্তোষ পৌড়েলে প্ৰাত:ভ্ৰমণ কৰিবলৈ আহি পথৰ দাতিৰ এটা বিলৰ পাৰত এটা বিৰল প্ৰজাতিৰ তথা দূস্প্ৰাপ্য কাছটো প্ৰত্যক্ষ কৰে ৷ পাচত কাছতো স্থানীয় ৰাইজৰ সহযোগত সন্তোষে পৌড়েলে উদ্ধাৰ কৰি বন বিভাগক খৱৰ দিয়ে আৰু বনবিভাগে কাছটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰে ৷ উল্লেখ্য যে , কাছটো উদ্ধাৰ লগতে বন বিভাগক এই ক্ষেত্ৰত সহযোগীতা আগবঢ়ায় ৰঙাচকুৱাৰ যুৱ সাংৱাদিক তথা প্ৰকৃতিপ্ৰেমী চন্দন শৰ্মাই ৷