টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত সাংবাদিক ধনেশ্বৰ ৰাভাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠান , ধনেশ্বৰ ৰাভাৰ সোঁৱৰণী সাংবাদিক আৰু সমাজকৰ্মী বঁটা প্ৰদান

75

টংলা প্ৰেছ ক্লাৱৰ উদ্যোগত সাংবাদিক ধনেশ্বৰ ৰাভাৰ মৃত্যু বাৰ্ষিকী অনুষ্ঠান , ধনেশ্বৰ ৰাভাৰ সোঁৱৰণী সাংবাদিক আৰু সমাজকৰ্মী বঁটা প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা , টংলা , ৬ ছেপ্টেম্বৰঃ সাংবাদিক সকল সদায় সততা আৰু তেওঁলোকৰ ভাষা বস্তুনিষ্ট হব লাগে । সমাজত ঘটি থকা ঘটনা,সাধাৰণ ৰাইজৰ দুখ বেদনা বোৰক সংবাদসেৱী সকলে প্ৰচাৰ মাধ্যমৰ জৰিয়তে দাঙি ধৰিব পাৰিব লাগিব বুলি ধনেশ্বৰ ৰাভাৰ সোঁৱৰণী সাংবাদিক আৰু সমাজকৰ্মী বঁটা প্ৰদান অনুষ্ঠানত ব্যক্ত কৰে বিশিষ্ট গল্পকাৰ জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে । আনহাতে , প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাৰ প্ৰসংগত কয় যে-ধনেশ্বৰ ৰাভা এজন প্ৰেৰণাৰ উৎস আছিল,যিয়ে গ্ৰাম্য অঞ্চলৰ পৰা ওলাই আহি খেতি কৰা লগতে পেপাৰ হকাৰ কাম কৰি নিজে “জনসেৱা” নামৰ সাপ্তাহিক সংবাদ পত্ৰ জন্ম দিবলৈ সক্ষম হৈছিল । টংলা প্ৰেছ ক্লাৱৰ প্ৰাক্তন উপ-সভাপতি তথা সমাজকৰ্মী ধনেশ্বৰ ৰাভাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে সোমবাৰে টংলা প্ৰেছ ক্লাৱত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি তেখেতৰ পবিত্ৰ স্মৃতিক যুগমীয়া কৰি ৰাখিবলৈ ধনেশ্বৰ ৰাভা সোঁৱৰণী সাংবাদিক আৰু সমাজকৰ্মী বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় । অনুষ্ঠান খনৰ কাৰ্যসূচী মতে ৰাতিপুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰে প্ৰয়াত ধনেশ্বৰ ৰাভাৰ সহধৰ্মিনী সুমিত্ৰা ৰাভাই । অনুষ্ঠান খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়ো , আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে বিশিষ্ট সাংবাদিক জয়ন্ত কুমাৰ দাস,বিশিষ্ট গল্পকাৰ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী,বিশিষ্ট কবি ঘটেশ্বৰ বৰুৱা, টংলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাস, বিশিষ্ট সাহিত্যিক ডঃ ৰীতা বড়ো, সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য । উক্ত অনুষ্ঠানতে প্ৰতিদিন কাকতৰ টংলাৰ সাংবাদিক নাৰায়ণ ডেকাক ধনেশ্বৰ ৰাভা সোঁৱৰণী সাংবাদিক বঁটা, সমাজ সেৱক মিনন মুচাহাৰী আৰু পানেৰী খণ্ড বন বিষয়া মৃন্ময় হাজৰিকাক ধনেশ্বৰ ৰাভা সোঁৱৰণী সমাজকর্মী বঁটা প্ৰদান কৰা হয় । উক্ত অনুষ্ঠান খনত বিশিষ্ট সাংবাদিক জয়ন্ত কুমাৰ দাসে ভাষণৰ প্ৰসংগত কয় যে-কোভিড মহামাৰীত মৃত্যু বৰণ কৰা অসমৰ প্ৰথম জন প্ৰয়াত সাংবাদিক ধনেশ্বৰ ৰাভাৰ পৰিয়াল বৰ্তমান পৰ্যন্ত চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হয় আছে , এই ক্ষেত্ৰত অসম চৰকাৰক পৰিয়ালটিক সহায় কৰিবলৈ আহ্বান জনায় । নিখিল বড়ো ছাত্র সন্থাৰ সভাপতি দ্বীপেন বড়োয়েও সাংবাদিকৰ সুৰক্ষা আৰু ধনেশ্বৰ ৰাভাৰ পৰিয়ালক সহায় কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় । অনুষ্ঠান খনৰ সদৌ শেষত শলাগ শৰাই আগবঢ়াই টংলা প্ৰেছ ক্লাৱৰ সদস্য ফটিক ৰাভাই ।