ঠাকুৰবাৰী চাহ বাগিচাত দুদিনীয়া কাৰ্যসূচীৰে কৰম পূজা উদযাপন

101

ঠাকুৰবাৰী চাহ বাগিচাত দুদিনীয়া কাৰ্যসূচীৰে কৰম পূজা উদযাপন

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙাপৰা ,২৬ ছেপ্টেম্বৰ : শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অন্তৰ্গত ঠাকুৰবাৰী চাহ বাগিছাৰ ৯ নং শ্ৰমিক লাইনত সদৌ অসম আদিবাসী ছাত্র সন্থা(আছা)ৰ ঠাকুৰবাৰী প্ৰাথমিক গোটৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় চাহ জনগোষ্ঠীয় লোকসকলৰ প্ৰধান তথা কৃষি ভিত্তিক উৎসৱ কৰম পূজা ৷ কৰম ডাল পূজা বেদীত স্থাপন কৰাৰ পিছতে মুখৰিত হৈ পৰে উৎসৱস্থলী । আদিবাসী যুৱক-যুৱতীসকলে ঝুমুৰ নৃত্যৰে মন-প্ৰাণ উদ্বেলিত কৰি তোলে । কৰম পূজা উপলক্ষে আবেলিৰ ভাগত অনুষ্ঠিত হৈ যায় এখনি মুকলি সভা ৷ আদিবাসী ছাত্ৰ নেতা বিৰজু ওৰাংৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত আত ধৰে প্ৰাক্তন ছাত্র নেতা বিজয় ভেংৰাই । ছাত্র নেতা আমান ওৰাং আৰু সূৰজ ওৰাংয়ে অনুষ্ঠান পৰিচালনাত সহযোগ কৰে । ৰঙাপৰা মণ্ডল বিজেপিৰ সভাপতি দিপক তেলি , ঠাকুৰবাৰী চাহ বাগিচাৰ সহকাৰী পৰিচালক মাধুৰ্জ্য ৰাজ দত্ত , আছাৰ শোণিতপুৰ জিলা প্ৰচাৰ সম্পাদক কৃষ্ণ নায়ক , ডি ডাইমণ্ড হাৰ্ট ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মেহজেবিন নেছা , ঠাকুৰবাৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰী মীৰা পানিকা , আঞ্চলিক পঞ্চায়তৰ সদস্যা গৌৰী কাণ্ডুলনা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট লোকে অংশগ্ৰহণ কৰে ৷ সভাত কৰম পূজা উপলক্ষে ঝুমইৰ নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । বিয়লি কৰম ডাল বিসৰ্জনৰে কৰম উৎসৱৰ সামৰণি হয় ।