ডবকা চিকিৎসালয়ত এম্বুলেন্স প্ৰদান, যমুনামুখত পথ উদ্বোধন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

58
ডবকা চিকিৎসালয়ত এম্বুলেন্স প্ৰদান, যমুনামুখত পথ উদ্বোধন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে
জমিৰউদ্দিন তালুকদাৰ, ডবকা , ১৯ আগষ্টঃ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ সংসদীয় এলেকাৰ উন্নয়ন পুঁজিৰ পৰা আজি হোজাই জিলাৰ ডবকা ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত ৰোগীৰ কাৰণে এখন এম্বুলেন্স প্ৰদান কৰে ৷ সাংসদ গৰাকীয়ে নিজৰ ২০১৯-‘২০ বৰ্ষৰ সংসদীয় এলেকা উন্নয়ন পুঁজিৰ অধীনত এই এম্বুলেন্সখন প্ৰদান কৰে ৷ আজি সাংসদ বৰদলৈয়ে নিজে ডবকা চিকিৎসালয়ত উপস্থিত হৈ এম্বুলেন্সখন ৰোগীৰ কাৰণে মুকলি কৰি চিকিৎসালয়খনৰ অধীক্ষক ডাঃ ইছহাক আলীৰ হাতত গাড়ীখনৰ চাবি প্ৰদান কৰে ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, ডবকা চিকিৎসালয়ত এখন এম্বুলেন্সৰ বাবে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে দাবী উত্থাপন হৈ আহিছিল ৷ আজি সাংসদ গৰাকীয়ে এখন এম্বুলেন্স প্ৰদান কৰাত ডবকাবাসীয়ে সাংসদ গৰাকীৰ শলাগ লয় ৷ এই অনুষ্ঠানত সাংসদ গৰাকীৰ লগতে যমুনামুখ সমষ্টিৰ কংগ্ৰেছ নেতা ৰেহান উদ্দিন, বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হান্নান, মহিলা কংগ্ৰেছৰ নেত্ৰী ৰহিমা বেগম, শশীমাই কলিতা, বিন্নাকান্দি আঞ্চলিক পঞ্চায়তৰ অধ্যক্ষ ফৰিজ আহমেদ লস্কৰ, পঞ্চায়ত সভাপতি জাকিৰ হুছেইন, এনএছইউআইৰ জিলা সভাপতি মেহবুব বৰভূঞা সহ চিকিৎসালয়খনত কৰ্মৰত আশাকৰ্মী, স্থানীয় কংগ্ৰেছ কৰ্মীৰ লগতে বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷ ইয়াৰ পাছতে সাংসদ গৰাকী যমুনামুখত উপস্থিত হৈ যমুনামুখ মহাবিদ্যালয়লৈ যোৱা এটি পথৰ শুভ উদ্বোধন কৰে ৷ সাংসদ গৰাকীয়ে সংসদীয় পুঁজিৰ পৰা ২৫ লাখ টকা ব্যয় কৰি পথছোৱা চি চি ব্লকেৰে নিৰ্মাণ কৰি দিয়ে ৷ উক্ত পথছোৱা আজি সাংসদ গৰাকীয়ে শুভ উদ্বোধন কৰে ৷ আনহাতে তেওঁ যমুনামুখ শ্ৰীশ্ৰী কালীয় দমন মহাপ্ৰভু থানখনো পৰিদৰ্শন কৰে ৷ তাতেই  থান পৰিচালনা কমিটিৰ লগত মত-বিনিময় কৰি থানখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে ৷ যমুনামুখতে আমছুৰ সজাতিৰ দল এটাই সাংসদ গৰাকীক  সাক্ষাৎ কৰি যমুনামুখ অঞ্চলৰ কেবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ তেওঁ যমুনামুখ গাওঁ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্যা ভোগেশ্বৰী বৰাৰ বাসভৱনত গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় ৷