ডিজিটেল লেনদেনেৰে গাওঁ উন্নয়নৰ লক্ষ্য বায়োমেট্ৰিক উপকৰণ লৈ মহিলা , বৰপেটাত ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ পদক্ষেপ 

346
ডিজিটেল লেনদেনেৰে গাওঁ উন্নয়নৰ লক্ষ্য বায়োমেট্ৰিক উপকৰণ লৈ মহিলা , বৰপেটাত ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ পদক্ষেপ

আব্দুল জলিল , বৰপেটা, ৭ আগষ্ট : গাঁৱৰ মহিলা সকলৰ স্ব-নিয়োজনৰ বাবে আত্মসহায়ক গোট সমূহক উৎপাদন মুখী কাৰ্যত জড়িত কৰাৰ পিছত ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে গাঁৱে-ভূঞে ডিজিটেল লেনদেনৰ ব্যাপক প্ৰচলনৰ বাবে ডিজি-সখি নিয়োজিত কৰা হৈছে । এনে ৩৫ গৰাকী ডিজি-সখিৰ মাজত আজি বায়োমেট্ৰিক উপকৰণ বিতৰণ কৰা হয় । জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত আয়োজিত এখন সভাত বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি আনুষ্ঠানিকভাৱে বায়োমেট্ৰিক উপকৰণ বিতৰণ কৰে ।   জিলা উপায়ুক্ত ভূচাল এই সভাখন জিলাক সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে অতি গুৰুত্বপুৰ্ন সভা বুলি মন্তব্য কৰে । তেওঁ আত্ম সহায়ক গোটৰ সদস্যা সকলক সময়ৰ সৈতে সুনিৰ্দ্দিষ্ট লক্ষ লৈ আগবাঢ়িবলৈ পৰামৰ্শ দিয়ে । তেওঁ কয় যে , মহিলা সকলে কোনো কথাত সংকল্পবদ্ধ হৈ আগবাঢ়িলে তেওঁলোকক কোনেও প্ৰতিহত কৰিব নোৱাৰে । সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা , জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া চিত্তৰঞ্জন ডেকা , বৰপেটা গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষন প্ৰতিষ্ঠানৰ সহ সঞ্চালক ৰঞ্জিত তালুকদাৰ , লিড বেংক বিষয়া প্ৰমোদ কুমাৰ , জিলা চি এচ চিৰ প্ৰৱন্ধক ৰেজাউল হক আদি বিষয়া সকলে ভাষন ৰাখি বিভিন্ন পৰামৰ্শ আগবঢ়ায় । জিলা জনসংযোগ বিষয়াই জানিবলৈ দিয়া মতে , বৰপেটা জিলাৰ ১০ টা উন্নয়ন খণ্ডৰ ক্ৰমে সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ ৩ গৰাকী , গোমাৰ ৩ , ৰুপসীৰ ৪ , বৰপেটাৰ ২ , বজালীৰ ২ , চকচকাৰ ৩ , মন্দিয়াৰ ৩ , পাকা বেতবাৰীৰ ৩ , চেঙাৰ ৩ আৰু ভৱানীপুৰ উন্নয়ন খণ্ডৰ ৪ গৰাকী সদস্যাক আজি বায়োমেট্ৰিক উপকৰণ প্ৰদান কৰাঁ হয় । দাসে জানিবলৈ দিয়া অনুসৰি , প্ৰথমে উক্ত সদস্যা সকলক বাচনি কৰাৰ পিচতেই ৰাস্ট্ৰীয় বেংকিং (বিত্তীয়) প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষন প্ৰতিষ্ঠানৰ পৰা প্ৰশিক্ষন লৈ সুকলমে উৰ্ত্তীৰ্ন হোৱাৰ পিচতেই এই সদস্যা সকলক উক্ত যন্ত্ৰ প্ৰদানৰ বাবে বাচনি কৰা হয় । এই আঁচনিৰ অধীনত সমগ্ৰ জিলাত মুঠ ১১০ গৰাকী সদস্যাক ডিজি পে সখি হিচাপে এই আঁচনিত অন্তৰ্ভূক্ত হৈছে আৰু  তেওঁলোককো অতি সোণকালে এই উপকৰণ প্ৰদান কৰাঁ হ’ব । এই সখী সকলে পৰৱৰ্ত্তী সময়ত গ্ৰাম্যাঞ্চলৰ আত্ম সহায়ক গোটৰ সদস্যা , গোট , গ্ৰাম্য সংগঠন আদিৰ বিভিন্ন বেংক লেনদেন কৰাৰ উপৰি কমন চাৰ্ভিচ চেন্টাৰৰ সকলো সূবিধা প্ৰদান কৰিব পাৰিব ।