ডিব্ৰুগড়ত  মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঘোষণা ” বিলুপ্তকৰণ হ’ব ONGC” , ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া

130
ডিব্ৰুগড়ত  মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ঘোষণা ” বিলুপ্তকৰণ হ’ব ONGC” , ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া
দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ১৯ আগষ্ট : অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ ত্যাগৰ বিনিময়ত লাভ কৰা দেশৰ অন্যতম ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অ এন জি চিক অইল ইণ্ডিয়া লিমিটেডৰ সৈতে একত্ৰিতকৰণৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে । ডিব্ৰুগড় মটক চাহ বাগিচা কৰম ভৱন প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় তেল , প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিবনুৱা দপ্তৰৰ নৱনিযুক্ত ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে  এই কথা ঘোষণা কৰে । মন্ত্ৰী তেলীয়ে কয় যে , অ এন জি চি ইতিমধ্যে লোকচানৰ সন্মুখীন হৈছে । যাৰ বাবে অ এন জি চিক বিলুপ্তি ঘটাই অইল ইণ্ডিয়াৰ সৈতে চামিলকৰণেৰে একেলগে তেল উৎপাদনৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে । ইতিমধ্যে  এই সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰে দুই লানি বৈঠকো অনুষ্ঠিত কৰিছে । একেটা ভাষণত মন্ত্ৰী তেলীয়ে তৈল নগৰী দুলীয়াজান চহৰক অত্যাধুনিক ৰূপত গঢ় দিয়াৰ বাবে ৫ কোটি বিশেষ পেকেজ ঘোষণা কৰে । আহি থকা ১৫ দিনৰ ভিতৰত এই পেকেজৰ আধাৰশিলা আৰম্ভ কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে । সেইদৰে নয়ডাত থকা অইলৰ কৰ্পৰেট কাৰ্যালয়টো গুৱাহাটীলৈ হস্তান্তৰকৰণৰ পৰিকল্পনা চলাই থকাৰ কথাও প্ৰকাশ কৰিছে মন্ত্ৰী তেলীয়ে । উল্লেখযোগ্য যে , মন্ত্ৰী তেলীয়ে অ এন জি চিক বিলুপ্তকৰণৰ বাবে কৰা ঘোষণাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অসম চুক্তিৰ আধাৰত অসমত স্থাপন কৰা কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ একত্ৰিতকৰণৰ সিদ্ধান্তক দল-সংগঠনে বিৰোধিতা কৰিছে । উল্লেখযোগ্য যে , স্বাধীনতা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতি বাৰে লাহোৱালত বিজেপিৰ কৰ্মকৰ্তাসকলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীক উষ্ম অভিনন্দন জনায় । এই উপলক্ষে  লাহোৱালৰ মটক চাহ বাগিছাৰ কৰম ভৱনত বিজেপিৰ লাহোৱাল মণ্ডলৰ সভাপতি সঞ্জয় হাজৰিকাৰ সভাপতিত্বত এখনি মুকলি সভাৰও অনুষ্ঠিত কৰা হয় । এই সভাতেই লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ফুলাম গামোচা , শৰাই , ফুলাম জাপি আৰু অন্যান্য উপহাৰেৰে বিপুল সম্বৰ্ধনা জনায় । কেন্দ্রীয় মন্ত্ৰীগৰাকীক লাহোৱাল আৰু খনিকৰ মণ্ডলৰ বিভিন্ন পৰ্য্যায়ৰ বিজেপিৰ দলীয় কৰ্মকৰ্তাসকলেও অভিনন্দন জনায় । আজি অনুষ্ঠানত বিজেপিৰ ডিব্ৰুগড় জিলা সভাপতি জগদীশ ৰাজকোঁৱৰ , ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকা,পদ্ম গগৈ আদিকে ধৰি কেইবাগৰাকী জেষ্ঠ বিজেপিৰ নেতাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।