ডিব্ৰুগড়ত ৰঙাঘৰত সোমাল বৃহৎ দালাল চক্ৰৰ মাষ্টাৰ মাইণ্ড দেৱজিৎ শৰ্মা , লাহোৱাল আৰক্ষীৰ বৃহৎ সাফল্য

115

ডিব্ৰুগড়ত ৰঙাঘৰত সোমাল বৃহৎ দালাল চক্ৰৰ মাষ্টাৰ মাইণ্ড দেৱজিৎ শৰ্মা , লাহোৱাল আৰক্ষীৰ বৃহৎ সাফল্য

দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰশ্মিৰেখা সাউদ কলিতা , ডিব্ৰুগড়,১০ আগষ্ট : বৰ্ত্তমান সময়ত ড্ৰাগছ মাফিয়া, গৰুচোৰ আদিৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হৈ থকাৰ সময়তে ডিব্ৰুগড়ত ওলাইছে বৃহৎ দালাল চক্ৰৰ মাষ্টাৰ মাইণ্ড দেৱজিৎ শৰ্মা নামৰ ব্যক্তিজন। উল্লেখ্য যে, বেচৰকাৰী স্বাৱলম্বী আঁচনিৰ যিকোনো ঋণ, ঘৰ-গাড়ী, গহণা ক্ৰয়ৰ বাবে সহজ ঋণ প্ৰদান, খাদী আৰু গ্ৰামোদ্যোগ বিভাগ, নাৱাৰ্ড, ব্লক, পঞ্চায়ত আদি সকলো ঋণ মোকলাই দিয়াৰ অবাধ ক্ষমতা তেওঁৰ। লকডাউনৰ সময়ছোৱাত বিধ্বস্ত হৈ পৰা গ্ৰাম্য অৰ্থনীতিৰ সময়ত গাঁৱে – ভুঁঞে চলিছে দালালৰ দপদপনি। ডিব্ৰুগড়ত এটকা দুটকা নহয় সহজ সৰল খাটিখোৱা গঞাঁক ঠগ প্ৰৱঞ্চনাৰে প্ৰায় ৩৩ লাখ টকা উৎকোচ লৈ অৱশেষত ৰঙাঘৰৰ আলহি হ’ল মৰাণৰ দেৱজিৎ শৰ্মা নামৰ প্ৰবঞ্চকগৰাকী। উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বিভিন্ন ভিতৰুৱা গ্ৰাম্যাঞ্চলত শ শ মহিলা, পুৰুষক এই প্ৰবঞ্চকে জালত পেলাইছিল। ঋণ প্ৰদান আৰু ঋণ ৰেহাইৰ নামত অগ্ৰিম ধন হিচাপে ৩৩ লক্ষ টকা আত্মসাৎ কৰে ইতিমধ্যে । ডিব্ৰুগড়ৰ লাহোৱাল থানাত ভুক্তভোগী মহিলাসকলে তৰা গোচৰৰ ভিত্তিত মৰাণৰ পৰা আটক কৰে এই দালালক। এই কথা জানিব পাৰি উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা শতাধিক প্ৰৱঞ্চিত মহিলা পুৰুষে ধন বিছাৰি লাহোৱাল থানাত ভিৰ কৰা পৰিলক্ষিত হৈছে। এনে দালালক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে ।