ডিব্ৰুগড় চিটি মহাবিদ্যালয়ত স্মৃতিচাৰণ সভা

114

ডিব্ৰুগড় চিটি মহাবিদ্যালয়ত স্মৃতিচাৰণ সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ২৯ ছেপ্টেম্বৰ : শিক্ষাবিদ নন্দলাল বৰগোহাঁই স্মৃতি ন্যাস সমিতিৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় স্মৃতিচাৰণ অনুষ্ঠান । স্মৃতিচাৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় “উচ্চ শিক্ষা , ৰাষ্ট্ৰীয় শিক্ষা নীতিঃ২০২০ আৰু সমাজ” শীৰ্ষক এক বক্তৃতানুষ্ঠানৰ । এই মনোজ্ঞ বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ জিতেন হাজৰিকাই তথ্য সমৃদ্ধ বক্তব্য আগবঢ়ায় । অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱানন্দ বৰগোহাঁই , মহাবিদ্যালয়খনৰ পৰিচালনা সমিতি , ন্যাসৰ বিষয়ববীয়া , কেইবাখনো মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ স্নাতকৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানটোৰ সঞ্চালনা কৰে ন্যাসৰ উপ-সভাপতি লক্ষণ বৰাই । অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাক সম্বৰ্ধনা জনোৱাৰ লগতে কেইবা গৰাকী বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীক অভিনন্দন জনোৱা হয় । অনুষ্ঠানত অতিথি হিচাবে বিশিষ্ট সাহিত্যিক সমীৰণ কুমাৰ দাস , সাংবাদিক যাদৱ গগৈৰ লগতে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী , ছাত্ৰ ছাত্ৰীৰ লগতে বহু গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে ।