ডিমা হাচাওত সংঘটিত ট্ৰাক চালকৰ নৃশংস হত্যাকাণ্ডৰ তদন্তৰ ও উপযুক্ত ক্ষতিপূৰণৰ দাবীত মূখ্যমন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদান আমছুৰ

159

ডিমা হাচাওত সংঘটিত ট্ৰাক চালকৰ নৃশংস হত্যাকাণ্ডৰ তদন্তৰ ও উপযুক্ত ক্ষতিপূৰণৰ দাবীত মূখ্যমন্ত্ৰীক স্মাৰক-পত্ৰ প্ৰদান আমছুৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা,হবিবুৰ ৰহমান, ২৯ আগষ্টঃ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ সভাপতি ইকবাল হুছেইন নেতৃত্বাধীন কেন্দ্ৰীয় সমিতি আৰু হোজাই জিলা আমছুৰ এটি প্ৰতিনিধি দলে অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মা সাক্ষাৎ কৰি ডিমা হাচাও জিলাত সংঘটিত হোৱা ট্ৰাক চালকক বৰ্বৰ হত্যাকাণ্ডৰ বিষয়ে অৱগত কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ স্মাৰক-পত্ৰত ডিমা হাচাও জিলাত সংঘটিত ট্ৰাক চালকৰ নৃশংস হত্যাকাণ্ডৰ এক উচিত তদন্তৰ দাবী কৰাৰ লগতে হত্যাৰ বলি হোৱা পৰিয়াল সমূহক উপযুক্ত সাহায্য প্ৰদানৰ দাবী উত্থাপন কৰা হয় ৷ মুখ্যমন্ত্ৰীয়ে অহা দুই এদিনৰ ভিতৰত নৃশংস হত্যাকাণ্ডত মৃত্যু বৰণ কৰা পৰিয়াল সমূহক উপযুক্ত সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰে ৷ লগতে ডালমিয়া চিমেন্ট কোম্পানীৰ ফালৰ পৰাও পৰিয়াল কেইটাক উপযুক্ত সাহায্য দিব বুলি আমছুৰ প্ৰতিনিধি দলক আশ্বাস দিয়ে ৷ মুখ্যমন্ত্ৰীয়ে এই বিষয়ে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ পৰিয়ালৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ৷