ডোৰাকঁ‌হৰাত পোষণ মাহ উদযাপন , উপস্থিত বিধায়ক দিগন্ত কলিতা

96

ডোৰাকঁ‌হৰাত পোষণ মাহ উদযাপন , উপস্থিত বিধায়ক দিগন্ত কলিতা

দুৰ্নীতিৰ দৰ্পণ , চিৰঞ্জীৱ কলিতা , প্ৰতিবেদক , চাংসাৰি , ২১ ছেপ্টেম্বৰঃ “প্ৰতিগৰাকী শিশু দেশৰ ভবিষ্যত , সেয়ে শিশু সকলৰ সৰ্বাংগীন বিকাশৰ বাবে সুষম আহাৰ যোগান ধৰি সুস্থ-সবল কৰি তোলাত অংগনবাড়ী কৰ্মী-সহায়িকাৰ ভূমিকা আছে আৰু সেয়া তেখেতসকলে পালন কৰি আহিছে । অৱশ্যে একাংশ কৰ্মীৰ বিপক্ষে কিছুমান অভিযোগ উঠে আশা কৰিম , সেইবোৰ অচিৰেই নোহোৱা হৈ যাব । দূৰ্গা পূজাৰ পাছতে কৰ্মী-সহায়িকাৰ লগত আলোচনাত মিলিত হৈ সমস্যাৰ বুজ ল’ম তাক সমাধানৰ চেষ্টা কৰিম”। আজি ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে কমলপুৰ সমষ্টিৰ ডোৰাকঁ‌হৰাত অনুষ্ঠিত পোষণ মেলাত অংশ লৈ এই মন্তব্য সমষ্টিটোৰ স্থানীয় বিধায়ক দিগন্ত কলিতাৰ । ডোৰাকঁ‌হৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰঙিয়া আৰু কমলপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ গোপেশ্বৰ আৰু মদাৰতলা পঞ্চায়তৰ কেন্দ্ৰ সমূহৰ উদ্যোগত অনুষ্ঠিত উক্ত মেলাত অংশ লয় বিধায়ক গৰাকীয়ে । উল্লেখ্য যে , বিধায়ক গৰাকীয়ে বৃক্ষৰোপণ কৰাৰ লগতে শিশুক অন্নপ্ৰাশন কৰাই । ছুপাৰভাইজাৰ ৰূপালী বৰ্মনে আঁ‌ত ধৰা সমগ্ৰ অনুষ্ঠানটোত উপস্থিত থাকে ছুপাৰভাইজাৰ জয়া চহৰীয়া চিডিপিঅ’ ডেইজী ৰাণী দেবী । উল্লেখ্য যে , ৰূপালী বৰ্মণে অংগনবাড়ী কেন্দ্ৰ সমূহৰ জৰাজীৰ্ণ ৰূপৰ কথা বিধায়ক গৰাকীক অৱগত কৰায় , সেয়া সমাধানৰ বাবে অনুৰোধ জনায় ।