তামাৰহাটত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন , হাতীধুৰা উন্নয়ন খণ্ডত উৰিল কলা পতাকা

78

তামাৰহাটত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন , হাতীধুৰা উন্নয়ন খণ্ডত উৰিল কলা পতাকা

দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰুহুল আমিন সেখ , তামাৰহাট , ২৮ আগষ্ট : আক্ৰাছুৰ প্ৰতাৰণা দিৱসৰ কাৰ্য্যসূচী অনুসৰি তামাৰহাট আঞ্চলিক আক্ৰাছু আৰু কুমাৰগঞ্জ আঞ্চলিক আক্ৰাছুয়ে আজি ৰাতিপুৱা ধুবুৰী জিলাৰ হাতীধুৰা উন্নয়ন খণ্ডত কলা পতাকা উত্তোলন কৰে । উল্লেখ্য যে , ভাৰত বৰ্ষই স্বাধীনতা লাভ কৰাৰ দুই বছৰ পিছত অৰ্থাৎ ১৯৪৯ চনৰ ২৮ আগষ্ট দিনা ভাৰতৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল আৰু কোচ বিহাৰ ৰাজ্যৰ তদানীন্তন ৰজা জগদ্বীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰৰ মাজত ঐতিহাসিক ভাৰতভূক্তি চুক্তিৰ (মাৰ্জাৰ এগ্ৰিমেন্ট) জৰিয়তে ঐতিহাসিক কমতাপুৰ বা কোচ বিহাৰ ৰাজ্য ভাৰতবৰ্ষৰ লগত চামিল হয় । কিন্তু ভাৰত চৰকাৰে উক্ত চুক্তিত উল্লেখ থকা চৰ্ত সমূহ কাৰ্যকৰী কৰাৰ পৰিবৰ্তে কমতাপুৰ বাসীক বিভক্তহে কৰিলে । ১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে ভাৰত চৰকাৰ আৰু কোচ বিহাৰ ৰাজ্যৰ মাজত হোৱা চুক্তি খনত স্পষ্ঠভাবে উল্লেখ আছিল যে , কোচ বিহাৰ ৰাজ্য ভাৰতৰ সতে চামিল হলেও কোচ বিহাৰ ভাৰতৰ ভিতৰতে এখন বিশেষ সুকীয়া ৰাজ্য হিচাবে মৰ্যাদা লাভ কৰিব । কিন্তু ভাৰত চৰকাৰে ঐতিহাসিক চুক্তিক অমান্য কৰি কোচ বিহাৰক সুকীয়া ৰাজ্যৰ মৰ্যাদা নিদিলে । বৰং ব্ৰিটিছ সকলোৰ পদাংক অনুকৰণ কৰি ভাগ ভাগ কৰাৰ নীতিৰে কোচ বিহাৰ ৰাজ্যক দ্বিখণ্ডিত কৰি পশ্চিম বংগ আৰু অসমত চামিল কৰি পশ্চিম বংগৰ কোচ ৰাজবংশী সকলোক অনুসূচিত জাতি (SC) আৰু অসমৰ কোচ ৰাজবংশী সকলোক অন্যান্য পিছপৰা শ্ৰেণীত (OBC) অন্তৰ্ভুক্ত কৰি কোচ ৰাজবংশী সকলোৰ ভাষা-সংস্কৃতি বিলুপ্ত কৰাৰ ষড়যন্ত্ৰৰে অসমীয়া আৰু বেংগলী ভাষা জাপি দিছিল । ইয়াৰে প্ৰমাণিত হৈছে যে , ভাৰত চৰকাৰে অতি কৌশলেৰে কমতাপুৰ বাসী ৰাইজৰ একতাবদ্ধ শক্তিক ধ্বংশ কৰিব বিচাৰিছিল , যাতে কোচ ৰাজবংশী সকলে ঐক্যবদ্ধ হৈ থাকিব নোৱাৰে । সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) জন্ম হোৱাৰ মূল উদ্দেশ্যেই আছিল কমতাপুৰ বাসীয়ে চুক্তি অনুসৰি পাব লগা পৃথক কমতাপুৰ ৰাজ্য পুণৰ উদ্ধাৰ কৰা । সেয়েহে যেতিয়ালৈকে ভাৰত চৰকাৰে ভাৰতভূক্তি চুক্তি অনুসৰি কমতাপুৰ ৰাজ্য গঠন নকৰিব তেতিয়ালৈ পৃথক কমতাপুৰ ৰাজ্য গঠনৰ আন্দোলন চলি থাকিব আৰু ২৮ আগষ্টৰ দিনটোত ৰাজহুৱা স্থানত কলা পতাকা উৰুৱাই প্ৰতাৰণাৰ দিন হিচাবে পালন কৰি থাকিব । সেয়েহে আজি ২৮ আগষ্টৰ দিনটোত সমগ্ৰ ৰাজ্যৰ লগতে তামাৰহাট আৰু কুমাৰগঞ্জ আঞ্চলিক আক্ৰাছুয়ে তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰাত কলা পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।