তামুলপুৰত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ঘোষণা , বিটিচিৰ সকলো বিদ্যালয় মহাবিদ্যালয় শীঘ্ৰে প্ৰাদেশীকৰণ কৰা হ’ব , কুমাৰীকাটা কনিষ্ঠ মহাবিদ্যালয়ৰ দুৰ্নীতি-অনিয়মৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে

640

তামুলপুৰত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ঘোষণা , বিটিচিৰ সকলো বিদ্যালয় মহাবিদ্যালয় শীঘ্ৰে প্ৰাদেশীকৰণ কৰা হ’ব , কুমাৰীকাটা কনিষ্ঠ মহাবিদ্যালয়ৰ দুৰ্নীতি-অনিয়মৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ, ১৩ আগষ্টঃ বিটিচি প্ৰধান প্ৰমোদ বড়োৱে শুকুৰবাৰে এক মাংগলিক পৰিৱেশত তামুলপুৰ মহাবিদ্যালয়ৰ জনজাতি ছাত্ৰী নিবাসৰ আধাৰশিলা স্থাপন কৰে । সংবিধানৰ ২৭৫ (আই)ৰ আধাৰত ২০১৯-২০ বৰ্ষৰ বাবে অসমৰ ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অনুমোদিত এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কৰিবলগীয়া ছাত্ৰী নিবাসৰ আধাৰশিলা স্থাপন কৰি বিটিচি প্ৰধানজনে কয় –যোৱা কেবা দশক ধৰি তামুলপুৰ অঞ্চলত উচ্চ শিক্ষাৰ যি অভাৱ , সেয়া তামুলপুৰ মহাবিদ্যালয়ে পূৰণ কৰি আহিছে । গতিকে , তামুলপুৰ মহাবিদ্যালয় খনৰ উন্নয়ন আমি কৰিব লাগিব । মহাবিদ্যালয় খনৰ আন্তঃগাঁথনিকে ধৰি সকলো ধৰণৰ সুবিধা যোগান ধৰা হ’ব । তেওঁ পুনৰ কয় , কম সময়ৰ ভিতৰতে তামুলপুৰত আৰু বহু শিক্ষানুষ্ঠান হ’বলৈ গৈ আছে । তামুলপুৰখন শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও তেওঁ সদৰী কৰে‌ । আধাৰশিলা স্থাপনৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিটিচি প্ৰধান গৰাকীয়ে প্ৰকাশ কৰে যে , বিটিআৰ চুক্তিৰ ৬.৩ দফা মৰ্মে বিটিআৰত থকা বিদ্যালয়,মহাবিদ্যালয় সমূহৰ প্ৰাদেশীকৰণৰ সমস্যাটো অসম চৰকাৰৰ সতে আলোচনা চলাই থকা হৈছে আৰু খুব কম দিনৰ ভিতৰতে প্ৰাদেশীকৰণৰ সমস্যাটো দূৰ হ’ব বুলি তেওঁ জানিবলৈ দিয়ে । বিটিআৰ চৰকাৰৰ এটা নতুন শিক্ষা নীতিৰ প্ৰস্তুতি চলাই থকাৰ বিষয়ে সদৰী কৰি এই শিক্ষা নীতি অহা দুমাহৰ ভিতৰতে প্ৰস্তুতি সম্পূৰ্ণ হ’ব আৰু কেজিৰ (প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ) পৰা পিজিলৈ সকলো পৰ্যায়ৰ সমস্যা সমাধান হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে , তামুলপুৰ মহকুমাৰ কুমাৰীকাটা কনিষ্ঠ মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ পৰা দুৰ্নীতি অনিয়মেৰে ধন সংগ্ৰহ কৰা সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত এই বিষয়ে তেওঁ শিক্ষা সঞ্চালকক তদন্ত কৰিবলৈ দিয়াৰ কথা জানিবলৈ দিয়ে । তামুলপুৰ মহাবিদ্যালয়ৰ জ্যেষ্ঠ শাখাৰ অধ্যক্ষ ডঃ যোগেন বড়োৱে আঁঁত ধৰা আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত তামুলপুৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি অভিৰাম দাস,সাধাৰণ সম্পাদক ৰত্নেশ্বৰ বড়ো,তামুলপুৰ পৌৰ সভাৰ অধ্যক্ষ প্ৰফুল্ল চন্দ্ৰ মহন্ত,তামুলপুৰ উন্নয়ন খণ্ডৰ টিচিএলচিচিৰ অধ্যক্ষ পবিত্ৰ নাৰ্জাৰী,মহাবিদ্যালয় পৰিচালনা সমিতিৰ সদস্য,অধ্যাপক -অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে ।