তামুলপুৰত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ঘোষণা , কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয় ত্ৰিশ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নিত কৰা হ’ব

388
তামুলপুৰত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ঘোষণা , কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয় ত্ৰিশ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নিত কৰা হ’ব
ভাৰত- ভূটান সীমান্তৰ দৰঙ্গামেলাৰ পাগলাবাবা শিৱ মন্দিৰ প্ৰাংগণত হ’ব সৰ্বাঙ্গসুন্দৰ অতিথিশালা
দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক তামুলপুৰ , ৭ আগষ্টঃ বিটিচি প্ৰধান প্ৰমোদ বড়োই শুকুৰবাৰে আকস্মিক ভাৱে তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বিভিন্ন ঠাই পৰিদৰ্শন কৰি আন্তংগাঁথনি আৰু উন্নয়ন মূলক কামৰ বুজ লয় । পোনতে তেওঁ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাস্থ কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয় পৰিদৰ্শন কৰে । ইয়াৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত বিটিচি প্ৰধান প্ৰমোদ বড়োই সাংবাদিকক ক’লে–বিৰানব্বৈ হাজাৰ লোকে বসবাস কৰা অঞ্চলটোৰ একমাত্ৰ কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয় খনত এতিয়াও বহু উন্নয়ন হবলৈ বাকী আছে । চিকিৎসালয়খনত দুজন চিকিৎসক আৰু কম সংখ্যকহে কৰ্মচাৰী আছে । চিকিৎসালয় খনত থকা বিভিন্ন অভাৱ-অভিযোগ শীঘ্ৰে দূৰ কৰাৰ লগতে কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়খনক অনতিপলমে ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হ’ব বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে । চিকিৎসালয়খনৰ আন্তঃগাঁথনিৰ বুজ লোৱাৰ পিছত চৌবিশ ঘণ্টাৰ ভিতৰতে এখন এম্বুলেঞ্চ দিয়াৰ লগতে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা হ’ব বুলিও প্ৰকাশ কৰে বিটিচি প্ৰধান গৰাকীয়ে । বিটিচিৰ নিৰানব্বৈ চনৰ শিক্ষক কেলেংকাৰীৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে- নিৰানব্বৈ শিক্ষকৰ সমস্যা দহবছৰীয়া পুৰণি সমস্যা । ইতিমধ্যে ইয়াক লৈ আমাৰ এখন সমিতি গঠন কৰি দিয়া হৈছে । এই সমিতি খনে বিশ্লেষণ কৰি বৈধ সকলক নিযুক্তি দিয়াৰ পৰিবৰ্তে অবৈধ সকলৰ ওপৰত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । উপ নিৰ্বাচন সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত উপ নিৰ্বাচন গুৰুত্বপূৰ্ণ নহয় , তথাপিটো বিজেপি , ইউপিপিএল আৰু জিএছপি সবেই মিলি আলোচনাৰ ভিত্তিত গোটেই কথাখিনি আলোচনাৰ মাধ্যমত সমাধান কৰিব বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ইয়াৰ পিছত বিটিচি প্ৰধান গৰাকীয়ে ভাৰত- ভূটান সীমান্তৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰাৰ লগতে পাগলাবাবা শিৱ মন্দিৰত উপস্থিত হয় । আগন্তক দিনত তেওঁ পাগলাবাবা শিৱ মন্দিৰৰ গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ লগতে শিৱ মন্দিৰৰ চৌহদত এটা সৰ্বাঙ্গসুন্দৰ অতিথিশালা নিৰ্মাণ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে । সেইদিনা বিটিচি প্ৰধান গৰাকীক এই পৰিদৰ্শন কালত সংগ দিয়ে বিটিচিৰ ২৬ নং দৰঙ্গাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰী , চৰকাৰী মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভা , তামুলপুৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক ফুণীন্দ্ৰ নাৰ্জাৰী , কেন্দ্ৰীয় ইউপিপিএলৰ সাংগঠনিক সম্পাদক মুজিব আলী আহমেদ , নজৰুল ইছলাম লগতে তামুলপুৰ আৰু কুমাৰীকাটাৰ ইউপিপিএলৰ নেতা কৰ্মী সকল উপস্থিত থাকে ।