তামুলপুৰত ৪৭ চোৰাং চিকাৰীৰ হেণ্ড গ্ৰেনেড , অস্ত্ৰ–শস্ত্ৰ সহ আত্মসমৰ্পণ

88

তামুলপুৰত ৪৭ চোৰাং চিকাৰীৰ হেণ্ড গ্ৰেনেড , অস্ত্ৰ–শস্ত্ৰ সহ আত্মসমৰ্পণ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ৬ অক্টোবৰঃ ৰাইমনাৰ পিছত এইবাৰ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্ত অঞ্চলৰ ৪৭ গৰাকীকৈ চোৰাং চিকাৰীয়ে তামুলপুৰত আনুষ্ঠানিক ভাৱে প্ৰশাসনৰ ওচৰত আত্মসমৰ্পণ কৰে । তামুলপুৰৰ ঘগ্ৰাচ’কত আয়োজিত এক অনুষ্ঠানত বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং , তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা , তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক সূত্ৰধৰকে ধৰি কেইবাজনো আৰক্ষী বিষয়াৰ উপস্থিতিত আত্মসমৰ্পণ কৰে চোৰাং চিকাৰীসকলে । তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৭ গৰাকী চোৰাং চিকাৰীয়ে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে । আত্মসমৰ্পণৰ সময়ত চোৰাং চিকাৰীসকলে ১৪ টা হস্তনিৰ্মিত বন্দুক,গ্ৰেনেড দুটা,গছ কটা মেচিন ১২টা, ১২ টা হৰিণৰ শিং আদিকে ধৰি বিভিন্ন সঁজুলি জমা দিয়ে । আত্মসমৰ্পণকাৰী আটাইকেইজন চোৰাং চিকাৰীক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে । ভাষণ প্ৰসংগত আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় , প্ৰকৃতি থাকিলেহে মানুহ থাকিব ৷ প্ৰকৃতিক আমি সুৰক্ষাৰ লগতে ৰক্ষণাবেক্ষণ দিব লাগিব ৷ প্ৰকৃতি অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ ৷ আপোনালোকে মূলসুঁতিলৈ ঘূৰি আহি প্ৰকৃতি সুৰক্ষাৰ কামত আত্মনিয়োগ কৰক ৷ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব ৷ উল্লেখ্য যে , বিগত বহু বছৰ ধৰি এওঁলোকে ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলত চোৰাংকৈ বন ধ্বংসৰ লগতে হৰিণা আদি চিকাৰ কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল । চৰকাৰৰ সঁহাৰিৰ প্ৰতি সন্মান জনাই আজি সীমান্তৰ ভিন্ন প্ৰান্তৰ চোৰাং চিকাৰীসকলে আনুষ্ঠানিকভাৱে তামুলপুৰৰ মাজমজিয়াৰ লেহো বড়ো খেলপথাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ আহে ৷