তামুলপুৰৰ নাগ্ৰীজুলিত শৃংখল চলিহাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ , শৃঙ্খল চলিহাক তীব্র সকীয়নি বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ

221

তামুলপুৰৰ নাগ্ৰীজুলিত শৃংখল চলিহাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ , শৃঙ্খল চলিহাক তীব্র সকীয়নি বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ১ ছেপ্টেম্বৰঃ অসমৰ অন্যতম জাতীয়তাবাদী সংগঠন বীৰ লাচিত সেনাৰ সাংঠনিক সম্পাদক শৃঙ্খল চলিহাৰ বিৰুদ্ধে সৰব হ’ল বাঙালী যুৱ ছাত্র ফেডাৰেচন । আজি তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ নিকটৱৰ্তী কোম্পানী চ’কত বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ শতাধিক কৰ্মী সমবেত হৈ বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃঙ্খল চলিহাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কাৰী ফেডাৰেচনৰ সদস্য সকলে–জয় আই অসম , শৃঙ্খল চলিহা গ’বেক , শৃঙ্খল চলিহাক গ্ৰেপ্তাৰ কৰক , দীপক দে জিন্দাবাদ , বাঙালী যুৱ ছাত্র ফেডাৰেচন জিন্দাবাদ,বাঙালী বিৰোধী চক্ৰ হুঁঁছিয়াৰ , শৃঙ্খল চলিহাৰ দাদাগিৰি বন্ধ কৰক আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ।
উল্লেখযোগ্য যে , আজিৰ পৰা দুদিন পূৰ্বে শৃংখল চলিহাই বাঙালী সমাজৰ লগতে বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দেক উদ্দেশ্যি কটু মন্তব্য কৰি তুচ্ছ তাচ্ছিল্য কৰিছিল । শৃংখল চলিহাৰ এই কটু মন্তব্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেছন । আজি তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ কোম্পানী চকত বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচী সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাংস্কৃতিক আৰু শিক্ষা সম্পাদক খগেন দাস , বাক্সা জিলা বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ সাংস্কৃতিক সম্পাদক দেৱজিৎ সৰকাৰ , নাগ্ৰীজুলি আঞ্চলিক বাঙালী ফেডাৰেচনৰ সভাপতি দেৱব্ৰত সৰকাৰ,প্ৰাক্তন বিটিএফ কেশৱ মল্লিক , বাক্সা জিলা বাঙালী ফেডাৰেচনৰ প্ৰাক্তন সম্পাদক পৰিমল শীল,ফেডাৰেচনৰ নাগ্ৰীজুলি আঞ্চলিক সমিতিৰ সম্পাদক মিঠুন দাস,ফেডাৰেচনৰ নেতা মৃণাল বিশ্বাসৰ উপৰিও বহু সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে ।