তামুলপুৰ সমষ্টিৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৰ সোৱৰনী গ্ৰন্থ “যুগ চাকিৰ পোহৰ” উন্মোচন

101

তামুলপুৰ সমষ্টিৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৰ সোৱৰনী গ্ৰন্থ “যুগ চাকিৰ পোহৰ” উন্মোচন

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ১০ অক্টোবৰ : ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৰ এক “শ্ৰদ্ধাঞ্জলী ” অনুষ্ঠান তামুলপুৰ বাৰেইগাওস্থিত নিজ বাসভৱনত আজি অনুষ্ঠিত হয় । আজি পুৱা প্ৰয়াত বিধায়ক লেহোৰাম বড়োৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ন দাসে । মাল্যাৰ্পন কৰি দিয়া ভাষণত ধৰ্মনাৰায়ন দাসে কয়-বিধায়ক হিচাবে নিৰ্বাচিত হৈয়েই লেহোৰাম বড়োই অকাল মৃত্যুক সাৱটি লবলগীয়া হয় । ফলত তেওৰ মনৰ আশা মনতে থাকি গ’ল । তামুলপুৰ নিৰ্মাণৰ ক্ষেত্ৰত তেঁওৰ যি পৰিকল্পনা আছিল , তাক যাতে আমি বাস্তৱত ৰূপায়ন কৰিব পাৰো , সেই কথা সকলোৱে গুৰুত্ব দিব লাগিব । ইয়াৰ পিচতেই সোৱৰনী গ্ৰন্থ “যুগ চাকিৰ পোহৰ” উন্মোচন কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । “যুগ চাকিৰ পোহৰ “উন্মোচন কৰি দিয়া ভাষণত অধ্যক্ষগৰাকীয়ে কয়-তামুলপুৰ সমষ্টিৰ ইউপিপিএল দলৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু তামুলপুৰ সমষ্টিবাসীৰ বাবে অপূৰনীয় ক্ষতি, এটা দু:সময় । বিধায়ক হিচাবে নিৰ্বাচিত হৈ শপত গ্ৰহণৰ পিচতে মৃত্যুক আকোৱালি লব লগা হয়। বেছিদিন থাকিব নোৱাৰিলে । কোনে ক’ত কেতিয়া জন্ম গ্ৰহণ কৰে আৰু কেতিয়া মৃত্যু হয় , কোনেও কব নোৱাৰে । ই অসহনীয়। প্ৰয়াত বিধায়ক লেহোৰাম বড়োই কৰ্মক্ষেত্ৰ লগতে সমাজৰ লগত জড়িতহৈ পৰিল । লেহোৰাম বড়োৰ ব্যক্তি জীৱনৰ কথা উল্লেখ কৰি কয়-মোৰ লগত ইমান সম্পৰ্ক নাছিল । দৰকাৰ হলেহে কেতিয়াবা ফোন কৰিছিল । বিধায়ক হোৱাৰ পিচতহে মোৰ সৈতে সম্পৰ্কলৈ আহিল । মোৰ অধ্যক্ষতাত শপত ল’লে আৰু সোনকালে আমাৰ মাজৰ পৰা আতৰি গ’ল । বক্তব্য প্ৰসংগত অধ্যক্ষ গৰাকীয়ে কয়-তেখেতৰ কৰ্ম জীৱনৰ ওপৰত আলোক পাত কৰাৰ প্ৰয়োজন নাই। স্বভাৱ সুলভ আচৰণ আছিল লেহোৰাম বড়োৰ । সকলো ঠাইতে সকলোৰে লগত সামাজিকভাৱে আৰু সাংস্কৃতিকভাৱে জড়িত হৈ পৰে । তেঁওৰ কৰ্ম জীৱন এই সোৱৰনী গ্ৰন্থ “যুগ চাকিৰ পোহৰত” ইতিহাস হৈ থাকিব । তেঁওৰ মৃত্যু হলেও চিৰদিন অমৰ হৈ থাকিব । পিচৰ প্ৰজন্মই গ্ৰন্থখনৰ জৰিয়তে উৎসাহ আৰু প্ৰেৰনা লাভ কৰিব। সকলোৱে খা-খবৰ লৈ থাকিলে পৰিয়ালটোই সকাহ পাব। ইউপিপিএলৰ নেতা জিতেন মুছাহাৰীয়ে আত ধৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সোৱৰনী গ্ৰন্থ “যুগ চাকিৰ পোহৰ”ৰ সম্পাদনা সমিতিৰ সমিতিৰ সভাপতি নাৰায়ন ব্ৰহ্ম,মুখ্য সম্পাদক গনেশ ৰাভা, তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি উমেশ চন্দ্ৰ দাসৰ লগতে শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল,বিটিচিৰ কাৰ্যবাহী সদস্য ডাওবেচা বড়ো, এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী , এমচিএল পবিত্ৰ বড়ো , বিটিচিৰ চৰকাৰী মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা,বিজেপিৰ বাক্সা জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো , বিটিচিৰ প্ৰাক্তন এমচিএলএ মদন মোহন মুছাহাৰী,তামুলপুৰ ইউপিপিএল দলৰ নেতা-কৰ্মী,তামুলপুৰ মণ্ডল বিজেপিৰ নেতা-কৰ্মীসকল উপস্থিত থাকে ।