সাংবাদিক ৰবিন দাসক ৰাষ্ট্ৰীয় জনকল্যানকাৰী পৰিষদ’ৰ ৰাজ্যিক সমিতিৰ ” মিডিয়া প্ৰভাৰী” নিযুক্ত

150
সাংবাদিক ৰবিন দাসক ৰাষ্ট্ৰীয় জনকল্যানকাৰী পৰিষদ’ৰ ৰাজ্যিক সমিতিৰ ” মিডিয়া প্ৰভাৰী” নিযুক্ত
ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ২০ আগষ্ট : ৰাষ্ট্ৰীয় জনকল্যান পৰিষদ (NATIONAL WELFARE COUNCIL) নামৰ ৰাষ্ট্ৰীয় সামাজিক সংগঠনটোৱে সমগ্ৰ ভাৰত বৰ্ষৰ প্ৰতিখন ৰাজ্যতে বিভিন্ন সামাজিক কাম কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । এই বে-চৰকাৰী সংগঠনটোৰ প্ৰধান উদ্দেশ্য হ’ল ৰাইজৰ কল্যাণ সাধন কৰা ।সংগঠনটোৰ প্ৰতিজন কৰ্মীয়ে নিষ্ঠা সহকাৰে কাম কৰি ৰাইজ তথা ভাৰত বৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । এনেবোৰ উদ্দেশ্য আগত ৰাখি অসমতো শান্তনু ঘোষক সভাপতি হিচাপে নিৰ্বাচিত কৰি এখন  পূৰ্ণাংগ সমিতি গঠন কৰা হৈছিল । ইতিমধ্যে অসমৰ ৩৩ জিলাত ৰাষ্ট্ৰীয় জনকল্যান পৰিষদৰ জিলা সমিতি গঠন কৰা হয় । আনহাতে , অসম ৰাজ্যিক সমিতিৰ সভাপতি শান্তনু ঘোষে আজি এক পত্ৰ যোগে ৰাজ্যিক সমিতিৰ ” Media Prabhaari ” দায়িত্ব দিয়ে ৰঙিয়াৰ সাংবাদিক ৰবিন দাসক । ৰবিন দাসে সাংবাদিক পৰিষদ অসম’কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকাৰ লগতে ইতিমধ্যে ডিডি নিউজ , এন.ই.টিভি , ফ্ৰণ্টিয়াৰ টিভি , নিউজ টাইম অসম , ইউ.বি ফটোজ , দৈনিক বাতৰি কাকত , দৈনিক আমি অসমৰ জনগণ , এদিনৰ সংবাদ , দৈনিক গণজীৱন , নতুন সময় (সাপ্তাহিক) , দৈনিক গনসংবাদ , দৈনিক সংকৰজ্যোতি , দৈনিক প্ৰতিবেদন , অপৰূপা টিভি , নিউজ ৯৬ কে ধৰি বহু কেইটা সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সাংবাদিকতা কৰি আছে । ৰাষ্ট্ৰীয় জনকল্যানকাৰী পৰিষদৰ অসম ৰজ্যিক সমিতিৰ ” মিডিয়া প্ৰভাৰী”ৰ দায়িত্ব ৰবিন দাসক দিয়াত তেখেতে এই দায়িত্ব অতি আগ্ৰহেৰে গ্ৰহণ কৰে আৰু ৰাজ্যিক সভাপতি সান্তনু ঘোষক দাসে ধন্যবাদ জনায় । লগতে ৰবিন  দাসে অনাগত দিনত কাম কৰি যাবলৈ সকলো ৰাইজৰ সহায়-সহযোগিতা বিচাৰে ।