তেজপুৰত গ্ৰীণ আচিয়ানা ভোজনালয় ৰেষ্টুৰেন্টৰ শুভ উদ্বোধন আৰ এচ এচৰ প্ৰচাৰ প্ৰমূখ সুভাচ যোচিয়ে

78

তেজপুৰত গ্ৰীণ আচিয়ানা ভোজনালয় ৰেষ্টুৰেন্টৰ শুভ উদ্বোধন আৰ এচ এচৰ প্ৰচাৰ প্ৰমূখ সুভাচ যোচিয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৯ অক্টোবৰঃ শোণিতপুৰৰ উষানগৰী তেজপুৰস্থিত মাজগাঁৱৰ মুঢ়া টেতেলিত নৱনিৰ্মিত গ্ৰীণ আচিয়ানা ভোজনালয় নামাকৰণেৰে এখন অত্যাধুনিক ৰেষ্টুৰেন্টৰ ৰঙা ফিটা কাটি শুভ উন্মোচন কৰে আৰ এচ এচৰ প্ৰচাৰ প্ৰমূখ সুভাচ যোচিয়ে । সুভাচ যোচিয়ে ৰেষ্টুৰেন্টখনৰ শুভ উদ্বোধন কৰি অসমবাসীৰ লগতে শোণিতপুৰবাসী ৰাইজলৈ আগুন্তুক শাৰদীয় দুৰ্গা পুজাৰ শুভেচ্ছা যাচিলে । লগতে কয় যে , আগুন্তুক দুৰ্গা পুজাক লৈ কভিডৰ বাবে চৰকাৰ তথা জিলা প্ৰশাসনে নিৰ্দ্ধাৰিত কৰা যি নিয়ম , সেই নিয়ম যেন প্ৰত্যেকখন পুজাৰ মণ্ডপত সকলোৱে মানি চলি দুৰ্গা মাক দৰ্শন কৰিবৰ বাবে বিনম্ৰ অনুৰোধ জনালে । গ্ৰীণ আচিয়ানাৰ স্বতাধিকাৰ তথা জেষ্ঠ সমাজকৰ্মী ড° কিশোৰ হাজৰিকাই আমাক জানিবলৈ দিয়ে যে , তেজপুৰৰ এই বিশেষ ৰেষ্টুৰেন্টখনত পোৱা যাব অসমৰ থলুৱা পৰম্পৰাগত খাদ্য । অসমৰ থলুৱা পৰম্পৰাগত খাদ্য সম্ভাৰৰে ভৰা তেজপুৰৰ এই বিশেষ ৰেষ্টুৰেন্টৰ স্বতাধিকাৰ ড° কিশোৰ হাজৰিকাৰ এনে পদক্ষেপক বহু শলাগ লৈছে শৈক্ষিক মহলে ।