তেজপুৰৰ এজন নিবনুৱা যুৱক মানস প্ৰতিম শৰ্মাই বহি:ৰাজ্যৰ উন্নতমানৰ ছাগলী ফ্ৰামৰ জৰিয়তে দেখুৱাইছে কৰ্মসংস্থাপনৰ উৎকৃষ্ট নিদৰ্শন

113

তেজপুৰৰ এজন নিবনুৱা যুৱক মানস প্ৰতিম শৰ্মাই বহি:ৰাজ্যৰ উন্নতমানৰ ছাগলী ফ্ৰামৰ জৰিয়তে দেখুৱাইছে কৰ্মসংস্থাপনৰ উৎকৃষ্ট নিদৰ্শন

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৩০ ছেপ্টেম্বৰঃ যি সময়ত অসমৰ একাংশ নিবনুৱা যুৱক কৰ্মসংস্থাপনৰ বাবে বহি:ৰাজ্যলৈ ধাপলি মেলি বাট কুৰি বাই থকা পৰিলক্ষিত হোৱা দেখা যায় । তেনে সময়তে শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ নিজ হলেস্বৰৰ এজন নিবনুৱা যুৱকে বিটেল প্ৰজাতিৰ উন্নতমানৰ ছাগলী পাঞ্জাব আৰু বৰবৰি প্ৰজাতিৰ উন্নতমানৰ ছাগলী উত্তৰ প্ৰদেশ আৰু মঠুৰাৰ পৰা ক্ৰয় কৰি বৰ্তমান অসমৰ বিভিন্ন প্ৰান্তত বিক্ৰি কৰি কৰ্মসংস্থাপনৰ এক উৎকৃষ্ট নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । যুৱকজন হৈছে তেজপুৰৰ নিজ হলেস্বৰ নিবাসী মানিক শৰ্মা আৰু কবিতা শৰ্মাৰ সু-পুত্ৰ মানস প্ৰতিম শৰ্মা । ৩২ বছৰীয়া মানসে যোৱা ২০১৬ বৰ্ষৰ পৰা প্ৰথমে দুটা ছাগলী ক্ৰয় কৰি আৰাম্ভ কৰিছিল এই বিশেষ ফাৰ্মখন । নিজৰ কষ্টকো কেতিয়াও হাৰ নমনাকৈ এই বিশেষ ফাৰ্মখনত দুইবিধ বহি:ৰাজ্যৰ উন্নতমানৰ প্ৰজাতিৰ প্ৰায় ৫০ ৰো অধিক ছাগলী বৰ্তমান ফাৰ্মখনত আছে । ছাগলীবোৰৰ বেমাৰৰ ক্ষেত্ৰত যুবকজনে নিজেই ভেকচিন প্ৰদান কৰি সুশ্ৰষা কৰাও পৰিলক্ষিত হয় । মানস এতিয়া হাজাৰজনৰ বাবে হৈ পৰিছে এক আদৰ্শ । চৰকাৰী চাকৰিলৈ আশা নকৰি নিজৰ কৰ্মসংস্থাপনৰ বাট নিজেই বাছি লোৱাত মানসৰ পিতৃ মাতৃ , শৈক্ষিক মহলৰ লগতে অঞ্চলবাসী ৰাইজে বহু শলাগ লোৱা দেখা যায় । মানসৰ এই কৰ্মসংস্থাপনৰ যাত্ৰা অধিক সফল হোৱাৰ আশা পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ ।