থাওৰা বিধান সভাৰ উপ নিৰ্বাচনক লৈ তৎপৰ কংগ্ৰেছ , জীতেন্দ্ৰ সিঙৰ পৰা ৰিপুন বৰালৈ শিৱদৌলত আঠু লৈ উপ-নিৰ্বাচনত জয়ৰ বাবে প্ৰাৰ্থনা কংগ্ৰেছ নেতৃত্বৰ

92

থাওৰা বিধান সভাৰ উপ নিৰ্বাচনক লৈ তৎপৰ কংগ্ৰেছ , জীতেন্দ্ৰ সিঙৰ পৰা ৰিপুন বৰালৈ শিৱদৌলত আঠু লৈ উপ-নিৰ্বাচনত জয়ৰ বাবে প্ৰাৰ্থনা কংগ্ৰেছ নেতৃত্বৰ

দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান : শিৱসাগৰৰ শিৱদৌলত আজি পুৱা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক জিতেন্দ্ৰ সিঙে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত শিৱ বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰে । থাওৰা আৰু মৰিয়নী সমষ্টিত কংগ্ৰেছ দলৰ প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ অহা নেতা গৰাকীয়ে কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰে । সিঙে শিৱ দৌল চৌহদত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে । মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যত মুকলিকৈ বিধায়ক কিনা-বেচা কৰি নীতি হীন ৰাজনীতিৰ আশ্ৰয় লোৱা বুলি সিঙে অভিযোগ কৰে । আনহাতে , প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈয়েই হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ পিঠিত পুনৰ ধাৰৰ বোজা জাপি দিয়া বুলি অভিযোগ কৰে । নিৰ্বাচনী প্ৰচাৰলৈ আহি হিমন্ত বিশ্ব শৰ্মাই সমষ্টি উন্নয়নৰ যি আশ্বাস দিছে , সেয়া এক ডাঙৰ ফাঁকি বুলি অভিহিত কৰে । ভূপেন বৰাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সম্পৰ্কতো সৰৱ হৈ পৰে । অখিল গগৈক লক্ষ্যভ্ৰষ্ট কাঁড় বুলি কটাক্ষ কৰে বৰাই । এই কাৰ্যসূচীত বিধায়ক দেৱব্ৰত শইকীয়া , দলটোৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা আদিকে ধৰি ভালেমান নেতা কৰ্মী উপস্থিত থাকে ।