থাওৰা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী সুশান্ত বুঢ়াগোহাঁইৰ মনোনয়ন দাখিল কৰিবলৈ শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

136

থাওৰা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী সুশান্ত বুঢ়াগোহাঁইৰ মনোনয়ন দাখিল কৰিবলৈ শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান : আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক থওৰা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী সুশান্ত বুঢ়াগোহাঁইৰ মনোনয়ন দাখিল কৰিবলৈ আহে । মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত উপস্থিত হৈ সদৰী কৰিলে থাওৰা সমষ্টিৰ দৰা আৰু কইনাৰ নাম । কোন থাওৰা সমষ্টিৰ দুই গাড়ী চালক , উপ নিৰ্বাচনত কোন সমষ্টিত বিজেপি দলে পাব প্ৰত্যাহ্বান । থাওৰা সমষ্টিত বিয়া কেতিয়া ? কোন এই বিয়াৰ দৰা আৰু কইনা ? থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ীখনৰ দুজন চালক কোন ? শুনক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা । থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ মনোনয়ন দাখিল কৰিবলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বভাৱসুলভ ভংগীমাৰে ৰাইজক উন্নয়নৰ প্ৰতিশ্ৰুতি দিলে । লগতে ৰাইজক আমোদ দিলে খুহুতীযা ভাষণেৰে । কংগ্ৰেছ দলৰ পৰা বিজেপিলৈ গৈ থাওৰা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী হোৱা সুশান্ত বৰগোঁহাইৰ মনোনয়নত সমগ্ৰ শক্তি উজাৰি দিছে বিজেপি দলে ।বিজেপি দলৰ লগতে মিত্ৰশক্তি অসম গণ পৰিষদ , গণশক্তিৰ দৰে আঞ্চলিক দলৰ নেতাকো এই মনোনয়ন পৰ্বত চামিল কৰা হৈছে । স্বয়ং মুখ্যমন্ত্ৰীৰ লগতে তপন গগৈ , পীয়ুষ হাজৰিকা , যোগেন মহন , কেশৱ মহন্ত , ৰনোজ পেগু , প্ৰদান বৰুৱা আদি নেতাই হাইপ্ৰফাইল মনোনয়ন দাখিলত অংশ ললে । বৰ্ডিং খেলপথাৰৰ ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে থাওৰা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ জয় নিশ্চিত বুলি দাবী কৰি দলীয় প্ৰাৰ্থী সুশান্তৰ লগতে সমানে গুৰুত্ব প্ৰদান কৰিলে দলৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰীক । সুশান্ত বৰগোঁহাইক থাওৰা সমষ্টিৰ দৰা আৰু কুশল দুৱৰীক কইনা আখ্যা দি দৰা-কইনা সাজু যেতিয়া থাওৰা সমষ্টিত বিয়াখন হৈ যাওক বুলি ৰসাল মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । কেৱল থাওৰা সমষ্টিৰ উন্নয়নৰ বাবে সমষ্টিটোক উন্নয়নৰ দিশত আগবঢ়াই নিয়াৰ এক সপোন থকাৰ বাবে সুশান্ত বৰগোঁহাইক কুশল দুৱৰীৰ সমৰ্থন লৈ বিজেপি দললৈ আনে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । নিৰ্বাচনী প্ৰচাৰত সুশান্তৰ লগতে কুশল দুৱৰীক সমানে গুৰুত্ব প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাই সুশান্ত আৰু কুশল থাওৰা সমষ্টিৰ উন্নয়নৰ গাড়ীখনৰ চালক বুলি অভিহিত কৰে । দুয়োজনে মিলি থাওৰাৰ গাড়ী চলাব আৰু ইন্ধনৰ যোগান ধৰিব চৰকাৰে । অহা পাঁচটা বছৰত থাওৰা সমষ্টিৰ এক ব্যাপক উন্নয়ন হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ জনসভাত দাবী কৰে । তেওঁ আৰু কয় যে , গোঁসাই গাওঁ আৰু ভৱানীপুৰত নিৰ্বাচন আকৰ্ষণীয় হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি কয় যে , বাকী সমষ্টিত বিজেপি দলে অনায়াসে জয়লাভ কৰিব । থাওৰা সমষ্টিৰ ক্ষেত্ৰত থাওৰা সমষ্টিৰ নিমখ খাই এতিয়া সুশান্তৰ নিমখ ঘূৰাই দিয়াৰ পাল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত সুশান্ত বিজেপিলৈ অহা বুলি বিশ্ব শৰ্মাই সুশান্তৰ পক্ষ সমৰ্থন কৰে ।