“দিগদৰ্শন সাহিত্য সন্মান”ৰে সন্মানিক কুইন বৰাৰ”স্মৃতিৰ জীয়া কলাজ” উন্মোচন

109

“দিগদৰ্শন সাহিত্য সন্মান”ৰে সন্মানিক কুইন বৰাৰ”স্মৃতিৰ জীয়া কলাজ” উন্মোচন

দুৰ্নীতিৰ দৰ্পণ সেৱা, পংকজ কুমাৰ দাস , পশ্চিম যোৰহাট , ১২ অক্টোবৰ : নগাঁওৰ বিশিষ্ট কবি, প্ৰবন্ধকাৰ,মনঃস্তত্ববিদ,সমাজ সেৱিকা, সমাজ কল্যান বিভাগৰ কৰ্মচাৰী, অসমৰ অগ্রণী প্ৰকাশন গোষ্টী দিগদর্শন প্ৰকাশনৰ ২০২১ বৰ্ষৰ”দিগদৰ্শন সাহিত্য সন্মান ২০২১”-বঁটাৰে সন্মানিত কুইন বৰাৰ নৱতম কাব্য গ্ৰন্হ “স্মৃতিৰ জীয়া কলাজ” ১২ অক্টোবৰত নগাঁও অঁনাতাৰ কেন্দ্ৰত উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে ক্ৰমে কবি-নিবন্ধকাৰ মৃদুপৱন বৰা , গল্পকাৰ তথা গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা , কবি- আবৃত্তিকাৰ নির্মালী কলিতা , “মহীয়সী” বঁটাপ্ৰাপক গল্পকাৰ -প্ৰবন্ধকাৰ চোনিয়া মুক্তিয়াৰে । নগাঁও নগৰৰ পৰা ১৪ কিলোমিটাৰ নিলগত থকা ন-মাটি গাওঁত ১৯৮১ চনৰ ১৩ জানুৱাৰীত স্বৰ্গীয় ৰমেশ চন্দ্ৰ বৰাৰ ঔৰসত আৰু মাতৃ লাবন্য বৰাৰ গৰ্ভত জন্ম লাভ কৰা কুইন বৰাই গাঁৱৰে লঠাবৰী নমাটি প্ৰাথমিক বিদ্যালয় প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল । তাৰ পিছত কুঁজীডাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ক্ৰমে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা গাৰ্হস্থ্য বিজ্ঞান (বৰ্তমান সামূহিক বিজ্ঞান)মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি মনোবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লয় । তাৰ পিছত গুৱাহাটীৰ আমবাৰীত থকা Peace Centre ৰ পৰা মনোবৈজ্ঞানীক পৰামৰ্শদানত ডিপ্লমা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মানৱ সম্পদ ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিপ্লমা লয় । পঢ়ি থকা সময়ছোৱাত মাজে-মাজে নিজৰ ডায়েৰীত কিছু মনৰ ভাব প্ৰকাশ কৰিছিল কবিতাৰে । পঢ়া শেষ কৰিয়েই বকো পৰ্যবেক্ষণ গৃহত ২০০৭ চনৰ ১ ফেব্ৰুৱাৰীত পৰামৰ্শদাতা মনঃস্তত্ববিদ হিচাপে নিযুক্তি লাভ কৰে কুইন বৰাই । ২০১১ চনৰ ডিচেম্বৰ মাহৰ ১৩ তাৰিখে নগাঁও জিলাৰ মাহৈআতিৰ নিতুমনি বেজবৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হোৱা কুইন বৰা বৰ্তমান দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত ৰণীত (জোনাক) বেজবৰুৱা নামৰ এটি সাত বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ । কুইন বৰা বৰ্তমান অসম চৰকাৰৰ সমাজ কল্যান বিভাগত হোজাই জিলাৰ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আঁচনিৰ জিলা কার্যক্ৰম সমন্বয়ক হিচাবে কৰ্মৰত । তেওঁ নিজাকৈ পৰামৰ্শদাতা মনঃস্তত্ববিদ হিচাপে সমাজত বিভিন্ন কাৰণত সমস্যাৰ সন্মুখীন হৈ ভাঙি পৰি হতাশাত ভোগা লোকসকল আৰু আচৰণজনিত কাৰণত সমস্যাত ভোগা শিশুসকলক লাগতিয়াল সময়ত বিনামূলীয়াকৈ পৰামৰ্শ প্ৰদান কৰি আহিছে । অসমৰ আগশাৰীৰ বিভিন্ন বাতৰি কাকতৰ লগতে আলোচনীত তেওঁৰ লেখনি সমূহ প্ৰকাশ পাই আহিছে । উল্লেখ্য যে , দিগদৰ্শন প্ৰকাশনে প্ৰকাশ কৰা কুইন বৰাৰ “হৃদয়ৰ জ্যোতিৰিংগণ” শীৰ্ষক এখন স্তৱক গ্ৰন্থ যোৱা ১০ অক্টোবৰত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহত উন্মোচন কৰাৰ লগতে কুইন বৰাক “দিগদৰ্শন সাহিত্য সন্মান” বঁটাও প্ৰদান কৰা হয় ।