দিনযোৰাকৈ কাৰ্য্যসূচীৰে গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

64
দিনযোৰাকৈ কাৰ্য্যসূচীৰে গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১৮ আগষ্ট : কেইবাটাও কাৰ্য্যসূচী হাতত লৈ এক দিনযোৰাকৈ কাৰ্য্যসূচীৰে গোলাঘাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ জিলাখনত উপস্থিত হৈয়ে প্ৰথমে তেখেতে, গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত উপস্থিত হৈ ভগৱানৰ ওচৰত মংগল কামনাৰে আশীষ লয় । ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে আঠখেলীয়া নামঘৰৰ এটা নৱনিৰ্মিত কাৰ্যালয় গৃহ উদ্ধোধন কৰে।অনুষ্ঠানৰ অংশৰূপে আঠখেলীয়া নামঘৰ প্রাংগনতে অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে আঠখেলীয়া নামঘৰৰ উন্নয়নৰ বাবে ৫ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে , গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰ চৌহদত ২৫ লাখ টকা ব্যয়েৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভাস্কৰ্যবিদ ডঃ ৰঞ্জিত কুমাৰ বৰুৱাই নিৰ্মাণ কৰা সতী সাধনীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে ৷ ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোলাঘাটৰ বীৰাংগনা সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত জিলা প্ৰশাসন , স্বাস্থ্য বিভাগ , জল জীৱন অভিযান , লোকনিৰ্মাণ (গৃহ), লোকনিৰ্মাণ (পথ) আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে ছেপ্টেম্বৰ মাহৰ ভিতৰত ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে প্ৰথম পালি প্ৰতিষেধক দি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে পাইপেৰে পানী যোগান ব্যৱস্থাৰ কাম ক্ষিপ্ৰতৰ কৰিবলৈও জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়ে । লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মাণৰ কাম তৰান্বিত কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্দেশ দিয়ে । আঢ়ৈশ কোটিৰো অধিক টকাৰে চাৰিলেনযুক্ত পথ হিচাপে উন্নীত কৰিবলগীয়া গোলাঘাটৰ পৰা দেৰগাঁৱলৈ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথটোৰ নিৰ্মাণ সন্দৰ্ভতো তেওঁ বিভিন্ন দিশ পৰ্যালোচনা কৰে । আলোচনাৰ অন্তত সাংবাদিকসকলৰ লগত হোৱা আলাপত জনায় যে , ৰাজ্যৰ চৰকাৰৰ প্ৰস্তাৱিত গোলাঘাটত স্থাপন হ’ব লগা ৫০ কোটি টকীয়া সতী সাধিনী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ চৌহদ আৰু চিকিৎসা মহাবিদ্যালয়ৰ স্থান , চোৱা চিতা কৰাৰ পিছত আগন্তুক চাৰি মাহৰ ভিতৰত গোলাঘাট মেডিকেল কলেজৰ কাম আৰম্ভ কৰা হ’ব ৷ সংবাদ মাধ্যমৰ লগত হোৱা কথোপকথনত জনাই যে , ক’ৰণাৰ সংক্ৰমণ বৃদ্ধি নহলে তথা দৈনিক ৫০০ জনলৈ হ্ৰাস পালেই খোলা হ’ব আন্তঃজিলা যাতায়ত ৷ অৱশ্যে এক চেপ্তেম্বৰৰ পৰা আন্তজিলা যাতায়ত মুকলি কৰি দিয়াৰ ইংগিত দিয়া বুলি জানিব পৰা  যায় । আনহাতে  , ২৫০ কোটি টকীয়া পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ দেৰগাঁৱৰ পৰা ৰঙাজান লৈ পথটিৰ কাম অতি সোনকালে আৰম্ভ কৰাৰ কথা ব্যক্ত কৰে ৷ পৰৱৰ্তী সময়ত তেখেতে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনত নতুনকৈ স্থাপন কৰা আই চি ইউ কক্ষটি আনুষ্ঠানিক ভাৱে মুকলি কৰে বুলি জানিব পৰা যায় ৷ তেখেতৰ উক্ত দিনযোৰা কাৰ্য্যসূচীত উপস্থিত থাকি উৎসাহ যোগাই ৰাজ্যৰ বিত্তমন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগৰ লগতে কৃষিমন্ত্ৰী শ্ৰীযুত অতুল বৰা , স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত , ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছা , সৰুপথাৰৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা , খুমটাইৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া , দেৰগাঁৱৰ বিধায়ক শ্ৰীযুত ভৱেন্দ্ৰনাথ ভৰালীৰ লগতে বহুকেইগৰাকী শীৰ্ষ বিষয়াই বুলি জানিব পৰা যায় ৷