দেশৰ ভিন্ন স্থানলৈ ৰাজ্যৰ থলুৱা খাদ্য সামগ্ৰী ৰপ্তানি কামৰ শুভাৰম্ভ

98

 দুৰ্নীতিৰ দৰ্পণ সেৱা, ডিব্ৰুগড় ৪ আগষ্ট : কাৰগ জৰিয়তে ডিব্ৰুগড় মোহনবাৰি বিমাবন্দৰ পৰা চাৰি খন বিমানে লৈ যাব ৰাজ্যৰ উৎপাদন ভিন্ন থলুৱা সামগ্ৰী দেশৰ নানা স্থানলৈ। ৰাজ্যৰ কৃষক সকললৈ ভাল খবৰ। এতিয়াৰ পৰা নিজৰ উৎপাদন সামগ্ৰী কৃষক সকলে ডিব্ৰুগড় বিমাবন্দৰ পৰা দেশৰ ভিন্ন স্থানলৈ পথাব পাৰিব।এই সুবিধা আগবঢ়াইছে AIRPORT AUTHORITY OF INDIA য়ে । CARGO জৰিয়তে আজিৰে পৰা ডিব্ৰুগড় মোহনবাৰী বিমাবন্দৰ পৰা FLYBIG, AIRINDIA, VISTARA, INDIGO এই চাৰিখন বিমানে দেশৰ  ভিন্ন স্থানলৈ কঢিয়াই নিব থলুৱা খাদ্য সামগ্ৰী। বিশেষ কৈ ৰাজ্যত উৎপাদিত চাহ লগতে কুমল চাউল বৰা চাউল,ঔটেঙা, কাজি নেমু মাটি কঁঠাল আদি সামগ্ৰী ডিব্ৰুগড় পৰা প্ৰতি দিনে চাৰিখন বিমানে ১০ পৰা ১৫ টন  লৈ উৰা মাৰিব দেশৰ ভিন্ন স্থানলৈ। অসমীয়া জলপান তথা অসমৰ খাদ্য সামগ্ৰী দেশৰ লগতে বিশ্ব ভিন্ন স্থানত চিনাকি কৰাই দিয়া চেষ্টা কৰিছে এইদৰে AIRPORT AUTHORITY OF INDIA য়ে ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰট এটি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ মাজেদি কেক কাটি শুভ উদ্বোধনী কৰে ।