দেৰগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল , অসমত আজিৰেপৰাই ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান নাট প্ৰদৰ্শনী মুকলি

119

দেৰগাঁৱত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল , অসমত আজিৰেপৰাই ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান নাট প্ৰদৰ্শনী মুকলি

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ৮ অক্টোবৰঃ প্ৰায় দুটা বছৰৰ ভ্ৰাম্যমাণ নাট্যদল সমুহৰ নাট প্ৰদৰ্শন বন্ধ হৈ থকাৰ পিছত অসমত আজিৰে পৰাই ক’ভিডৰ নীতি-নিৰ্দেশনা মানি ভ্ৰাম্যমান নাট প্ৰদৰ্শনী মুকলিৰ বাবে ৰাজ্য চৰকাৰে এক ঘোষণা কৰিছে । দেৰগাঁও গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলাৰ প্ৰাংগণত আজি বিয়লি আয়োজন কৰা এক সংবাদ মেলত অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই কথা ঘোষণা কৰে । স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত কয় যে , এই ক্ষেত্ৰত ভ্ৰাম্যমাণ নাট্যদল আৰু আয়োজক সমিতিয়ে নিদিষ্ট কভি বিধি মানি চলিব লাগিব । নাট্যদল সমুহৰ প্ৰতিগৰাকী শিল্পী কলা-কুশলীৰ লগতে আয়োজক সমিতি সমুহৰ প্ৰতিজন সদস্যই ক’ভিডৰ দুয়োপালি প্ৰতিষেধক লব লাগিব আৰু প্ৰশাসনৰ ওচৰত প্ৰতিষেধক লোৱাৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব কণ্টেইনমেণ্ট জ’ন বা অধিক সংক্ৰমণ হোৱা ঠাইত ভ্ৰাম্যমান দলসমূহক নাট প্ৰদৰ্শনৰ অনুমতি দিয়া নহ’ব । নাট প্ৰদৰ্শনৰ বাবে প্ৰেক্ষাগৃহত সামাজিক দূৰত্ব বৰ্তাই ৰাখি আসনৰ ব্যৱস্থা কৰিব লাগিব । নাট প্ৰদৰ্শনৰ প্ৰেক্ষাগৃহৰ প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰ মজুত ৰাখিব লাগিব । প্ৰতিজন দৰ্শকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক । মাস্ক নিপিন্ধাকৈ অহা দৰ্শকৰ বাবে আয়োজক সমিতিয়ে প্ৰেক্ষাগৃহৰ প্ৰৱেশ পথত মাস্ক মজুত ৰাখিব লাগিব । প্ৰতিটো নাট্য দলে নাট্য প্ৰদৰ্শনী সান্ধ্য আইনৰ আগতেই সমাপ্ত কৰিব লাগিব । যদি ক’ভিড সংক্ৰমণ ব্যাপক হয় অথবা ইয়াতকৈ পৰিস্থিতি ভাল হয় , তেনেহ’লে এই নীতি-নিৰ্দেশনাৰ সাল সলনি কৰা হ’ব । ক’ভিড প্ৰতিষেধক গ্ৰহণ আৰু ক’ভিডৰ নিয়মাৱলী সন্দৰ্ভত দৰ্শকক আয়োজক সমিতিয়ে আগতীয়াকৈ সজাগ কৰিব লাগিব । স্বাস্থ্য মন্ত্ৰীৰ এই ঘোষণাই ভ্ৰাম্যমাণ নাট্যদল সমুহক উৎসাহিত কৰিব যিহেতু ৰাজ্য খনৰ ভ্ৰাম্যমাণ নাট্যদল সমুহৰ লগত জৰিত হাজাৰ হাজাৰ শিল্পী , কলা কুশলীৰ অৱস্থা অতি দুৰবিসহ হৈ পৰা পৰিলক্ষিত হৈ পৰিছিল।