দৰংগামেলাত আন্তঃৰাষ্টীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ জন্মাষ্টমী পালন

82

দৰংগামেলাত আন্তঃৰাষ্টীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰংগ দলৰ জন্মাষ্টমী পালন

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ৩০ আগষ্টঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো সত্ৰ নামঘৰ সমূহত জন্মাষ্টমী পালন কৰা হৈছে । প্ৰতিজন হিন্দু ধৰ্মালম্বী লোকে একান্ত পৰম চিত্তে পালন কৰিছে জগতৰ নিয়ন্তা শ্ৰীকৃষ্ণৰ মহোৎসৱ । সোমবাৰে আন্তৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল বাক্সা জিলাও শ্ৰী শ্ৰী কৃষ্ণ জন্মাষ্টমী পালন কৰে । বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা অনুষ্ঠান টোৰ আঁত ধৰে বাক্সা জিলাৰ সম্পাদক দীনেশ ৰাজবংশীয়ে । ৰাধা কৃষ্ণ মূৰ্তি বনাই দৰঙা মেলা হনুমান মন্দিৰত প্ৰদৰ্শন কৰে । উক্ত অনুষ্ঠানত ৰাষ্ট্ৰীয় বজৰং দলৰ অসম প্ৰদেশ সমিতিৰ উপ সভাপতি মহেশ স্বৰ্গীয়াৰী সহ সম্পাদক দয়াল দাস উপস্থিত থাকে । আনহাতে , দাৰঙা মেলা প্ৰখণ্ডৰ সভাপতি জিতেন্দ্ৰ জাসপাল বাক্সা জিলাৰ উপ সভাপতি অজয় মহানান্দীয়াৰ লগতে প্ৰায় অৰ্ধ শতাধিক কাৰ্যকর্তা উপস্থিত থাকে ।