ধুবুৰীত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কে সভা

139

দুৰ্নীতিৰ দৰ্পণ , নুৰ ইছলাম সেখ , গৌৰীপুৰ , ২ আগষ্টঃ সমাগত স্বাধীনতা দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিবলৈ আজি ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় ৷ জিলা উন্নয়ণ আয়ুক্ত কান্তা দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী , অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰী , ধ্ৰুৱজ্যোতি দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকল , অতিৰিক্ত আৰক্ষী অধীক্ষক , বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল , বি এছ এফ, চি আৰ পি এফ আদিৰ উচ্চপদস্থ বিষয়া , কেবাজনো বিশিষ্ট নাগৰিক , বিভিন্ন সামাজিক সংগঠনৰ কেবাজনো বিষয়ববীয়া উপস্থিত থাকে ৷ কোভিড পৰিস্থিতিৰ বাবে অনুষ্ঠুপীয়াকৈ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত জিলা পৰ্যায়ত স্বাধীনতা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ জিলা উন্নয়ণ আয়ুক্তই বিভিন্ন বিভাগৰ মাজত দায়িত্ববোৰ ভগাই দিয়ে ৷ স্বাধীনতা দিৱসত জাতীয় পতাকা উত্তোলনৰ পিছতে অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত তৃণমূল পৰ্যায়ত উৎকৃষ্ট জনসেৱা আগবঢ়োৱা তিনি গৰাকী আশা কৰ্মী আৰু তিনি গৰাকী অংগনবাড়ী কৰ্মীক পুৰস্কৃত কৰাৰ সিদ্ধান্ত লোৱা হয় ৷ শিক্ষাৰ্থীৰ মাজত স্বাধীনতা দিৱস সন্দৰ্ভত অনলাইনযোগে প্ৰৱন্ধ প্ৰতিযোগিতা আয়োজন কৰিবলৈ শিক্ষা বিভাগক পৰামৰ্শ দিয়ে জিলা উন্নয়ণ আযুক্তই ৷ আনহাতে , জিলা প্ৰশাসনে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসলৈ অহাৰ পূৰ্বে সকলো বিভাগীয় মূৰব্বীক নিজ নিজ কাৰ্যালয়ত জাতীয় পতাকা উত্তোলন কৰিবলৈ নিৰ্দেশ দিয়া হয় ৷