ধলপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত জমিয়তৰ স্মাৰক পত্ৰ

92

ধলপুৰৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত জমিয়তৰ স্মাৰক পত্ৰ

জমিৰউদ্দিন তালুকদাৰ , ডবকা , ২৮ ছেপ্টেম্বৰঃ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মোস্তাক আনফৰৰ নেতৃত্বত এটি সঁজাতি দলে আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰ , গৰুখুঁটিৰ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন , আৰক্ষীৰ গুলিত নিহত ব্যক্তিৰ নিকটাত্মীয়ক ক্ষতিপূৰণ প্ৰদান , স্বাস্থ্য , শিক্ষা , আশ্ৰয় শিবিৰসমূহত পৰ্যাপ্ত খাদ্য যোগান তথা অন্যান্য কেবাটাও সমস্যা সমাধানৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷ আলোচনা কালত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব প্ৰদান কৰি অতি কম সময়ৰ ভিতৰতে সমস্যা সমূহ সমাধান কৰিব বুলি জমিয়তৰ সঁজাতি দলটোক আশ্বাস প্ৰদান কৰে ৷ তাৰ পিছতে জমিয়ত উলামাৰ সঁজাতি দলটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ছিপাঝাৰৰ উচ্ছেদৰ সময়ত আহত হোৱা সকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আহত সকলক দহ হাজাৰ আৰু ১৫ হাজাৰ কৈ টকাৰ এককালীন আৰ্থিক সহায় আগবঢ়ায় ৷ জমিয়তৰ এই মানৱীয় পদক্ষেপৰ শলাগ লৈছে ৰাইজে ৷