ধিঙৰ টুকটুকীৰ ৰৌমাৰীত দুটাকৈ হস্তনির্মিত বোমা উদ্ধাৰ

92

ধিঙৰ টুকটুকীৰ ৰৌমাৰীত দুটাকৈ হস্তনির্মিত বোমা উদ্ধাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা,আবুল হুছেইন, টুকটুকী,২৩ ছেপ্টেম্বৰ : নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ মইনুল হকৰ ঘৰত এটা মোনাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় বোমা দুটাকৈ হস্তনির্মিত বোমা । যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ এটা দলে মাইনুল হকৰ ঘৰত তালাচি চলাইছিল যদিও উদ্ধাৰ কৰিব পৰা নাছিল বিস্ফোৰক আই ই ডি । কিন্তু ৰহস্যজনক ভাবে আজি পুৱা মাইনুলৰ পৰিয়ালৰ লোকে খেৰঘৰত এটা মোনা প্ৰত্যক্ষ কৰে আৰু খুলি চাই গম পায় যে , দুটাকৈ হস্তনির্মিত বোমা মোনাৰ ভিতৰত ‌‌। লগে লগে স্থানীয় গাঁও বুঢ়া আৰু আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে বোমা দুটা উদ্ধাৰ কৰি থানালৈ লৈ যায় । এই সমগ্ৰ বিষয়টোৰ লগত ৰফিকুল ইছলাম , হবিবুৰ ৰহমান , আব্দুল মন্নাছ আৰু ছাইফুল ইছলাম জড়িত থকাৰ কথা প্ৰকাশ কৰিছে মাইনুল হক আৰু স্থানীয় লোকে । ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই পৰিকল্পিত ভাবে মাইনুলহকৰ ঘৰত আই ই ডি ৰাখি অপৰাধী সজোৱাৰ চেষ্টা এইসকল কুখ্যাত অপৰাধীৰ । ইয়াৰ এক উচিত তদন্ত কৰি প্ৰকৃত দোষীক কৰায়ত্ব কৰাৰো দাবী জনায় স্থানীয় ৰাইজে । বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।