ধুবুৰীত বিতৰ্কিত লাট মণ্ডল হজৰত আলী সহ মাটিৰ দালাল মিৰ্জা খানক গ্ৰেপ্তাৰ

328

ধুবুৰীত বিতৰ্কিত লাট মণ্ডল হজৰত আলী সহ মাটিৰ দালাল মিৰ্জা খানক গ্ৰেপ্তাৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , ১৮ অক্টোবৰ ঃ এটা মাহে আৰক্ষীৰ জালত পৰাৰ ভয়ত আত্মগোপন কৰি থকা বিতৰ্কিত লাট মণ্ডল হজৰত আলী সহ মাটিৰ দালাল মিৰ্জা খানক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে । ইতিমধ্যে ধৃত লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খানক জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আন বহু দালাল আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সদৰী কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে,মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতেই ৰাজ্যজুৰি অভিযান চলাই আৰক্ষীয়ে এদিনতেই গ্ৰেপ্তাৰ কৰিছিল পাঁচ শতাধিক মাটিৰ দালাল । সমান্তৰালকৈ ধুবুৰীত গ্ৰেপ্তাৰ হৈছিল ২২ জনকৈ মাটিৰ দালাল । প্ৰাপ্ত তথ্য অনুসৰি,ধুবুৰীৰ বহু কেইজন মাটিৰ দালালে ঘৰ-বাৰী এৰি আত্মগোপন কৰিছে অজ্ঞাত স্থানত । জানিব পৰা মতে,১১ অক্টোবৰত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ দুয়ো লাভ কৰিছিল জামিন । দেওবাৰে জামিন লাভ কৰাৰ অৰ্ডাৰ কপি লৈ হাঁহি মুখে দুয়ো উপস্থিত হৈছিল ধুবুৰী সদৰ আৰক্ষী থানাত । কিন্তু দুয়োকে দিনটো আৰক্ষী থানাত বহাই ৰখাৰ পিছত নিশা দুয়োকে গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে । মনকৰিবলগীয়া বিষয় হৈছে যে,পূৰ্বৰ গোচৰৰ জামিন লাভ কৰিলেও আন এক নতুন গোচৰৰ ভিত্তিত লাট মণ্ডল হজৰত আলী আৰু মাটিৰ দালাল মিৰ্জা খানক গ্ৰেপ্তাৰ কৰে ধুবুৰী আৰক্ষীয়ে । ইপিনে,নিশা ধুবুৰী আৰক্ষীয়ে লাট মণ্ডল হজৰত আলী আৰু দালাল মিৰ্জা খানক লগত লৈ অভিযান চলায় দুয়োৰে বাসগৃহত । ধুবুৰী আৰক্ষীৰ অধীক্ষকে সদৰী কৰা মতে, দুয়োজনৰ ঘৰৰ পৰা বহু কেইটা চৰকাৰী ফাইল তথা চৰকাৰী নথি-পত্ৰ উদ্ধাৰ কৰা হৈছে।