ধুবুৰী জিলাত খাচ আৰু আৱন্টিত মাটি বেদখল কৰি বিক্ৰী কৰাৰ অভিযোগ , ভূ-মাফিয়া ইন্দ্ৰিজিত চক্ৰৱৰ্তীয়ে চৰকাৰী খাচ আৰু আৱন্টন মাটি অবৈধভাৱে বিক্ৰী কৰি সন্ত্ৰাস চলোৱাৰ অভিযোগ

568

ধুবুৰী জিলাত খাচ আৰু আৱন্টিত মাটি বেদখল কৰি বিক্ৰী কৰাৰ অভিযোগ , ভূ-মাফিয়া ইন্দ্ৰিজিত চক্ৰৱৰ্তীয়ে চৰকাৰী খাচ আৰু আৱন্টন মাটি অবৈধভাৱে বিক্ৰী কৰি সন্ত্ৰাস চলোৱাৰ অভিযোগ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , ১৭ ছেপ্তেম্বৰঃ যি সময়ত বিজেপি চৰকাৰে ভূ-মাফিয়া আৰু দালালৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই থকাৰ উপৰিও ভূ-মাফিয়াৰ বিৰুদ্ধে মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ৱ শৰ্মাই এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে ,ঠিক তেনেকুৱা সময়তে ধুবুৰী জিলাত খাচ আৰু আৱন্টিত মাটি বেদখল কৰি বিক্ৰী কৰাৰ অভিযোগ উঠিছে । প্ৰাপ্ত অভিযোগ মতে , ভূ-মাফিয়া ইন্দ্ৰিজিত চক্ৰৱৰ্তী,মায়াৰাণী চক্ৰৱৰ্তী আৰু অভিজিত চক্ৰৱৰ্তীয়ে চৰকাৰী আৱন্টন আৰু খ্যাচ মাটি অবৈধভাৱে বিক্ৰী কৰি ভূ-মাফিয়াৰ ৰাজত্ব গঢ়ি তুলিছে বুলি অভিযোগ পোৱা গৈছে।

অভিযোগ মতে,ধুবুৰী জিলাৰ আগমণি ৰাজহ চক্ৰৰ অন্তৰ্গত খেৰবাৰী তৃতীয় আৰু চতুৰ্থ থণ্ডৰ বিভিন্ন সম্প্ৰদায়ৰ দুখীয়া আৰু দৰিদ্ৰ ভূমিহীন প্ৰায় ৫৫/৬০ ঘৰ ৰাইজে ৭৫ বিঘা ৬ লেছা মাটিত ৪২ বছৰ ধৰি বসবাস কৰি আছিল । উক্ত খ্যাচ আৰু আৱন্টিত মাটি সমূহৰ পৰা গোলকগঞ্জৰ খেৰবাৰী তৃতীয় আৰু চতুৰ্থ খণ্ডত সুনীল দাস,ফনি দাস,নগেন দাস,মহেন্দ্ৰ দাস আৰু ফাচাৰু ৰায়কে ধৰি প্ৰায় ১৬ বিঘা মাটি চৰকাৰে উক্ত বিভিন্ন সম্প্ৰদায়ৰ দুখীয়া আৰু দৰিদ্ৰ ভূমিহীন লোকক আৱন্টন দিয়ে । ইয়াৰ উপৰিও গেলাকগঞ্জৰ খেৰবাৰী তৃতীয় খণ্ডৰ অন্তৰ্গত সোনাভান বিবিক ৫ বিঘা মাটি ১৯৮৪-৮৫ চনত দখলদাৰ হিচাপে ধুবুৰী জিলা উপায়ুক্তৰ নিৰ্দেশ মতে আগমণি ৰাজহ চক্ৰ বিষয়াই প্ৰমাণ পত্ৰ দিয়ে আৰু বাকী থকা লোক সকলক পৰ্যায় ক্ৰমে ধুবুৰী জিলা উপায়ুক্তই আৱন্টন দিয়াৰ বাবে নিৰ্দেশ জাৰি কৰে বুলি অভিযোগত প্ৰকাশ । সেই হিচাপত উক্ত ৫ বিঘা মাটিৰ ২০১৩ চনলৈকে নিয়মিতভাৱে খাজনা দি আহিছিল বুলি সোনাভান বিবিয়ে উল্লেখ কৰে ।

কিন্ত উক্ত এলেকাৰ লাট মণ্ডল যুগল চন্দ্ৰ ৰায়ে তদন্ত কৰাৰ পিছত প্ৰতিবেদন বনোৱাৰ নামত দুখীয়া-দৰিদ্ৰ ভূমিহীন লোকৰ পৰা এক লাখ টকা ঘোচ বিচাৰে । উক্ত লাট মণ্ডল যুগল চন্দ্ৰ ৰায়ে বিচৰা ঘোচৰ টকা উক্ত ভূমিহীন দুখীয়া-দৰিদ্ৰ ৰাইজে দিব নোৱাৰাৰ ফলত ধুবুৰী চহৰৰ ৬ নং ওৱাৰ্ডৰ স্থানীয় বাসিন্দা ইন্দ্ৰিজিত চক্ৰৱৰ্তী,মায়াৰাণী চক্ৰৱৰ্তী আৰু খেৰবাৰী চতুৰ্থ খণ্ডৰ বাসিন্দা অভিজিত চক্ৰৱৰ্তীৰ নামত ষড়যন্ত্ৰ কৰি দখলদাৰ হিচাপে দেখুৱাই ৰায়ত পট্ৰা বনাই দিয়ে বুলি উক্ত ভূমিহীন আৰু দুখীয়া-দৰিদ্ৰ ৰাইজে উভিযােগ তুলিছে ।

এই বিষয়ে ভূমিহীন ৰাইজে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত তথ্য বিচাৰি আবেদন কৰাৰ পিছত পোৱা তথ্য মতে, ধুবুৰী চহৰৰ স্থানীয় বাসিন্দা ইন্দ্ৰিজিত চক্ৰৱৰ্তী,মায়াৰাণী চক্ৰৱৰ্তী আৰু খেৰবাৰী চতুৰ্থ খণ্ডৰ বাসিন্দা অভিজিত চক্ৰৱৰ্তীৰ নামত দখলদাৰ হিচাপে দেখুৱাই ৰায়ত পট্ৰা বনাই দিয়া কোনো নিৰ্দেশ চৰকাৰ বা ধুবুৰী জিলা প্ৰশাসনে দিয়া নাই বুলি আৰ টি আই তথ্যত প্ৰকাশ পাইছে । অথচো,পি এল গোচৰ নং ১২৬/৬৯-৭০ ডিগ্ৰী মূলে ডি আৰ এছ ৪৮/২০১২/১৮৪ নং চিঠিৰ নিৰ্দেশ মৰ্মে চৰকাৰে আৱন্ট দিয়া মাটিত থকা একাংশ বাসিন্দাক উচ্ছেদ কৰে ।

মনকৰিবলগীয়া বিষয় হৈছে যে,চৰকাৰে আৱন্টন দিয়া খ্যাচ আৰু আৱন্টিত মাটিত থকা ভূমিহীন দুখীয়া-দৰিদ্ৰ লোকক উচ্ছেদ কৰি উক্ত মাটি আকৌ ভূ-মাফিয়া ইন্দ্ৰিজিত চক্ৰৱৰ্তী,মায়াৰাণী চক্ৰৱৰ্তী আৰু খেৰবাৰী চতুৰ্থ খণ্ডৰ বাসিন্দা অভিজিত চক্ৰৱৰ্তীয়ে বিক্ৰী কৰি আছে বুলি আৰ টি আই তথ্যত প্ৰকাশ পাইছে ।