ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ নদীত নাওঁ চলাচলত নিষেধাজ্ঞা

108

ধুবুৰী জিলাত ব্ৰহ্মপুত্ৰ নদীত নাওঁ চলাচলত নিষেধাজ্ঞা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , ধুবুৰী , ২৬ আগষ্টঃ ধুবুৰীৰ আভ্যন্তৰীন জল পৰিবহন বিভাগৰ তৰফৰ পৰা জনাইছে যে , ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমা পাৰ কৰিছে । ইয়াৰোপৰি পানীত প্ৰচুৰ কাৰেন্ট থকাৰ বাবে কাঠৰ কুণ্ডা পানীত বৈ আহিছে । যাৰ ফলত যিকোনো ধৰণৰ দুৰ্ঘটনা হোৱাৰ আশংকা থাকে । ইয়াৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে যাত্ৰীবাহী নাওঁ , কাৰগ বোৰ্ড আৰু আন সকলো ধৰণৰ নাওঁৰ চলাচল ব্ৰহ্মপুত্ৰ নদীত তৎকালভাৱে প্ৰযোজ্য হোৱাকৈ বন্ধ ৰখাৰ নিৰ্দেশ ধুবুৰীৰ আভ্যন্তৰীন জল পৰিবহন বিভাগৰ তৰফৰ পৰা জাৰী কৰা হৈছে ।