ধুবুৰী জিলাৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবৰ ৰহমানক দুৰ্নীতি নিবাৰক আইনৰ অধীনত গ্ৰেপ্তাৰ 

174
ধুবুৰী জিলাৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবৰ ৰহমানক দুৰ্নীতি নিবাৰক আইনৰ অধীনত গ্ৰেপ্তাৰ
ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২৪ আগষ্টঃ  ধুবুৰী জিলাৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবৰ ৰহমানক দুৰ্নীতি নিবাৰক আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে বুলি বাতৰি পোৱা গৈছে । প্ৰাপ্ত বাতৰি মতে , সম্পত্তিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হ’ল ৰাজপত্ৰিত চৰকাৰী বিষয়া ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে উৎস বিহীন সম্পত্তি গঢ়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা এ চি এছ বিষয়া গৰাকী হৈছে ছাইবৰ ৰহমান ৷ ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত বিষয়া গৰাকীয়ে নামে বেনামে সীমাহীন সম্পত্তি গঢ়ি তুলিছিল ৷ ২০০২ চনৰ পৰা ২০২১ চনৰ ভিতৰত তেও নিজৰ অথবা দুগৰাকী পত্নীৰ নামত  মুঠ ৮৯ টা স্থানত ভূ-সম্পত্তি ক্ৰয় কৰিছিল ৷ এই ভূমিৰ মুল্য ১০০ কৌটিতকৈও অধিক হ’ব ৷ তদুপৰি তেওৰ ৬ কৌটিতকৈও অধিক মূল্যৰ অস্থাৱৰ সম্পত্তিৰ তথ্য অনুসন্ধানৰ সময়ত পোহৰলৈ আহিছে ৷ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে মঙলবাৰে দুপৰীয়া ২ বজাত বিষয়া গৰাকীক দুৰ্নীতি নিবাৰক আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ছাইবৰ ৰহমান ২০২১ ৰ নিৰ্বাচনৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী মিণাক্ষী ৰহমানৰ স্বামী ৷