ধৰ্ষণকাৰীৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ

123

ধৰ্ষণকাৰীৰ বিৰুদ্ধে হুংকাৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ১৬ ছেপ্টেম্বৰঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নাৰী নিৰ্যাতন , ধৰ্ষণ আদিৰ দৰে জঘন্য ঘটনা ৷ বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই অপৰাধীৰ বিৰুদ্ধে দিলে মুকলিকৈ দিলে এই হুংকাৰ ৷ ৰাজ্যত অপৰাধীক অসম আৰক্ষীয়ে কৰা এনকাউণ্টাৰক লৈ মাজে সময়ে উত্থাপন হোৱা প্ৰশ্নক লৈ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন ,অৱতাৰণাকাৰীলৈ ড্ৰাগছৰ বেহা , ধৰ্ষণ , হত্যা চলি থকাটো বিচাৰে নেকি ? ড্ৰাগছ আসক্তক এতিয়া এই মহাব্যাধিৰ পৰা আমি আঁতৰাই আনিব লাগিব ৷ ধৰ্ষণকাৰীক মৰম কৰি থাকিলে ধৰ্ষণ নকমে ৷ আমি কঠোৰ হ’বই লাগিব ৷ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অপৰাধী সাৰি যাব নোৱাৰিব ৷ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ পিছত বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,মহিলা,যুৱতী , কিশোৰীৰ মাজত সজাগতা আৰু সচেতনতা নথকাৰ বাবেই ৰাজ্যত বহু ঘটনা সংঘটিত হয় বুলি মন্তব্য আঙুৰলতা ডেকাই ৷ আঙুৰলতা ডেকাৰ প্ৰতিগৰাকী মহিলা , যুৱতী , কিশোৰীলৈ আহ্বান এই যে- লাজ , ভয় পৰিহাৰ কৰি নিজকে সবল কৰক নাৰীয়ে ৷ মই দেখিছো বহু মহিলাই মাহেকীয়া হোৱাৰ কথাটো ক’বলৈও লাজ কৰে ৷ যেন কোনোবাই হাঁহিব কিবা ক’ব ৷ মই খোলাখুলকৈ কোৱাটোকে পচন্দ কৰো ৷ এইবোৰ মহিলাৰ স্বাভাৱিক প্ৰক্ৰিয়া ৷ বহুতকে দেখো ছেনিটাৰী নেপকিন কিনিবলৈও লাজ কৰে ৷ লাজৰ পৰা নাৰী জাতিয়ে নিজকে মুক্ত কৰিব লাগিব ৷ মোৰ ছোৱালীক মই স্কুলত নামভৰ্তি কৰাই বহু কথা শিকাইছো ৷ মোৰ ক্ষেত্ৰত কোনোবাই কিবা অসৎ ইংগিত দিলে সেইজনে লগে-লগে শিক্ষা পাব ৷ মহিলা সাংবাদিক সকলো সজাগ হ’ব লাগে ৷ বহু ঠাইত প্ৰস্ৰাৱ ঘৰ এটা নাথাকে মহিলাৰ বাবে ৷ কিন্তু ইয়াকে লৈ কিমানে মাত মাতে ? সাংবাদিক সকলেও সজাগতা আনক ৷ আমি মহিলা মৰ্চাই অপৰাধ দূৰ কৰাৰ কাৰণে যুঁজ দিবলৈ সাঁজু বুলি মন্তব্য কৰে আঙুৰলতা ডেকাই ৷