নগাঁও আৰক্ষীৰ সফলতাঃ পিষ্টলসহ আটক কুখ্যাত ডকাইত

51

নগাঁও আৰক্ষীৰ সফলতাঃ পিষ্টলসহ আটক কুখ্যাত ডকাইত

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান, নগাঁও , ৩১ আগষ্ট : পুনৰ আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । আজি নগাঁও আৰক্ষীৰ এটা দলে হস্তনির্মিত পিষ্টলসহ এটা কুখ্যাত ডকাইতক আটক কৰিবলৈ সক্ষম হয় । পূৰ্বে বহুকেইটা ডকাইতিৰ ঘটনাত জড়িত খিতাপ আলী নামৰ কুখ্যাত ডকাইতটোৱে পুনৰ মৰিগাঁৱৰ কেইজনমান যুৱকৰ সৈতে মিলি ডকাইতি কৰাৰ এক পৰিকল্পনা কৰি থকাৰ খবৰ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত লাভ কৰে নগাঁও আৰক্ষীয়ে । এই তথ্যৰ ভিত্তিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নগাঁও আৰক্ষীৰ নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী কাছমাৰীৰ পৰা খিতাপ আলী নামৰ কুখ্যাত ডকাইতজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত কিতাব আলীৰ পৰা আৰক্ষীয়ে এটা হস্তনির্মিত পিষ্টল,তিনিজাই থ্ৰী নট থ্ৰী ৰাইফলৰ সজীৱ গুলীও জব্দ কৰিবলৈ সক্ষম হয় । বাইক চুৰিকে ধৰি কেবাটাও অপৰাধৰ সৈতে জড়িত ধৃত খিতাপ আলী । আৰক্ষীয়ে ডকাইতটোৱে ব্যৱহাৰ কৰা এ এচ ০২ এএ ২৫২৩ নম্বৰৰ এখন মটৰচাইকেলো জব্দ কৰিছে । ধৃত ডকাইতটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।